শীতকালত ৰুক্ষ তথা শুষ্ক ছালত উৎপন্ন হোৱা মৃতকোষবোৰে ছালখনক কুশ্ৰী দেখাব লগতে ছালখন সুৰক্ষিত কৰি ৰাখিব নোৱাৰে৷ যাৰ ফলত ছালখনৰ আদ্ৰৰ্তা নোহোৱা হৈ ছালৰ সমস্যাই দেখা দিব পাৰে৷ ইয়াৰ বাবে বজাৰত পোৱা ল’শ্যন ব্যৱহাৰ কৰিলেও সুফল পোৱা নাযায়৷ প্ৰধানতঃ ঠাণ্ডাৰ দিনত ছালৰ সকলোতকৈ ডাঙৰ সমস্যা হ’ল ইয়াৰ ৰুক্ষতা৷ আৰ্দ্ৰতা আৰু ৰুক্ষ ছালে মুখৰ সতেজতা কমাই দিয়ে৷ নিয়মিতভাৱে ক্ৰিম ব্যৱহাৰ কৰিলেও এই সমস্যাৰ সমাধান নাপায়৷ সেয়ে বিশেষকৈ শীতকালত ছালখনৰ ৰুক্ষতাৰ বাবে সৃষ্টি হোৱা মৃতকোষবোৰ নোহোৱা কৰি ছালৰ সুন্দৰতা তথা সজীৱতা ঘূৰাই আনিবলৈ সহজে পোৱা বেকিং ছ’ডা ব্যৱহাৰ কৰিব পাৰে৷ শীতত শুষ্ক ছালৰ আৱৰণ জলমল কৰিবলৈ ৰুপটান শিল্পীয়ে বেকিং ছ’ডা ব্যৱহাৰ কৰি সুফল পোৱাৰ কথা উল্লেখ কৰিছে৷ বেকিং ছ’ডাই ছালখনক মৃতকোষ মুক্ত কৰি ছালখনৰ ৰন্ধ্ৰপথক পৰিষ্কাৰ কৰাত সহায় কৰে৷ আনকি হোৱাইট হেডছ তথা ব্লেক হেডছ পৰিষ্কাৰ কৰাত বেকিং ছ’ডা যথেষ্ট কাৰ্যকৰী৷ ইয়াৰ বাবে বেকিং ছ’ডাৰ সৈতে সামান্য পৰিমাণৰ নেমুৰ ৰস মিহলাই ব্ৰুনৰ দাগ বা ব্লেক হেডছৰ ওপৰত কিছুসময় লগাই ৰাখক৷ গোটেই ৰাতিটো ছালখনত এইদৰে ৰাখি পুৱা কুহুমীয়া পানীৰে ভালদৰে ধুই দিব৷ দেখিব লাহে লাহে ছালৰ মৃত¸কোষ নাইকিয়া হৈ যাব আৰু ছালৰ ৰুক্ষতা নোহোৱা হৈ ছালখন পৰিষ্কাৰ হৈ পৰিব৷