ছালৰ কেঞ্চাৰ আগতীয়াকৈ চিনাক্ত কৰিব AI-এ

0
63

কৃত্ৰিম বুদ্ধিমত্তাৰ জৰিয়তে ছালত হোৱাৰ কেঞ্চাৰ ৰোগ সম্পৰ্কে আগতীয়াকৈ জনাটো সম্ভৱপৰ হ’ব৷ এই আশাৰ আলোক দেখিছে গৱেষকে৷ ছালৰ কেঞ্চাৰৰ এটা লক্ষণ হ’ল লিজন৷ সাধাৰণতে ছালৰ ওপৰত মৃত কোষৰ সৃষ্টি হ’লে বা ছালৰ পুঞ্জীভূত সৰু-বৰ ফোহা হ’লে অথবা ছালৰ মাংসপিণ্ডৰ সৃষ্টি হ’লে তাক লিজন বোলা হয়৷ সেয়ে ছালত লিজন হ’লেই যে কেঞ্চাৰৰ উপসৰ্গ সেয়া সঠিক নহয়৷ এই ক্ষেত্ৰত যিসকলৰ ছালত লিজনে দেখা দিয়ে তেওঁলোকে সেইটো কেনেদৰে প্ৰত্যয় নিয়াব বা সন্দেহ দূৰ কৰিব যে তেওঁলোকৰ ছালৰ কেঞ্চাৰ হোৱা নাই বুলি৷ এই সন্দেহ দূৰ কৰিবলৈ পৰীক্ষা কৰিয়েই ওলাই পৰিব৷ সাম্প্ৰতিক এটা আৱিষ্কাৰত কোৱা হৈছে যে লিজন কেঞ্চাৰ চিনাক্ত কৰিবলৈ ইমান অপেক্ষা কৰিব নালাগে৷ কৃত্ৰিম বুদ্ধিমত্তাৰ দ্বাৰা চালিত এটা ছিষ্টেমে লিজনৰ অৱস্থা দেখি বা তাৰ বৰ্ণনা শুনি কৈ দিব পাৰিব যে সেইটো ছালৰ কেঞ্চাৰ হয় নে নহয়৷ ছালৰ কেঞ্চাৰৰ চিকিৎসা ক্ষেত্ৰত এই নতুন উদ্ভাৱন কৰিছে ডাঃ হায়দাৰ ৰাজা নামৰ ভাৰতীয় বংশোদ্ভূত গৱেষকে৷ এচেক্স বিশ্ববিদ্যালয়ৰ গৱেষক হায়দাৰৰ নেতৃত্বত এ আইৰ সহায়ত এই গৱেষণা কৰিছিল এচেক্স বিশ্ববিদ্যালয় আৰু চেক ফৰ কেঞ্চাৰ নামৰ এটা সংস্থাই৷ এই গৱেষণাত সহায় আগবঢ়াইছে এগোংলিয়ান ৰাস্কিন বিশ্ববিদ্যালয় আৰু কেমব্ৰিজৰ এডেন ব্ৰুক হস্পিটেলে৷ ৰোগীৰ পৰা প্ৰাপ্ত তথ্যৰ ভিত্তিত এই গৱেষণাটো কৰা হৈছিল৷ তাৰ পৰা দেখা গৈছিল যে প্ৰচলিত কিছু মাপকাঠীৰ সহায় লৈ ৮৫ শতাংশৰ ক্ষেত্ৰতে ছালৰ কেঞ্চাৰ সঠিকভাৱে চিহ্নিত কৰিবলৈ সক্ষম হৈছে নতুন এই এ আই ছিষ্টেমে৷ যাৰ ফলত ছালৰ কেঞ্চাৰৰ দ্ৰুততৰ চিকিৎসা কৰিবলৈ সম্ভৱ হৈ উঠিছে৷ আনহাতে যিসকলৰ লিজন যদি কেঞ্চাৰৰ সৃষ্টি হোৱা নাই, তেনেহ’লে তেনে লোকেও সহজে চিন্তামুক্ত হৈ পৰিছে৷ এই এ আই ছিষ্টেমৰ জৰিয়তে ৰোগীৰ বয়স, গাৰ বৰণ, চুলিৰ ৰং, পাৰিবাৰিক ৰোগৰ ইতিহাস আদিৰ সবিশেষ জানিব লাগে৷ এই সমস্ত তথ্যৰ ভিত্তিত নিখঁুতভাৱে ৮৫ শতাংশৰ ক্ষেত্ৰতে যথাযথভাৱে ৰোগ চিহ্নিত কৰা সম্ভৱ হৈ উঠে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here