ছালৰ উজ্জ্বলতা এতিয়া আপোনাৰ হাতৰ মুঠিত: কেনেকৈ?

0
1862

কেঁচা জলকীয়া ভাল নোপোৱা মানুহৰ সংখ্যা তেনেই কম৷ ভাতৰ সৈতে কাঁহীৰ কাষত এটা কেঁচা জলকীয়া লোৱাটো বহুতৰে অভ্যাস৷ জলকীয়া অবিহনে গোটেই ৰন্ধন প্ৰণালীয়ে যেন আধৰুৱা৷ মাছ-মাংসই কওক, বা অন্য ব্যঞ্জনেই কওক– আনকি শুদা ভাতগৰাহৰ লগতো জলকীয়া নহ’লে সকলো মিছা৷ কেঁচা জলকীয়াত কেপচেইকিন (capsaicin) নামৰ এক উপাদান থাকে, যাৰ বাবে ইয়াৰ সোৱাদ জ্বলা হয়৷ কেঁচা জলকীয়াত প্ৰচুৰ পৰিমাণে ভিটামিন-চি, ভিটামিন-বি৬, ভিটামিন-এ, আইৰন, কপাৰ, পটেচিয়াম তথা শৰ্কৰা থাকে, যি আমাৰ শৰীৰৰ বাবে অতি প্ৰয়োজনীয়৷ ইয়াত থকা ডায়েটাৰি ফাইবাৰ আমাৰ হজম শক্তিৰ বাবে অতি উপযোগী৷ কেঁচা জলকীয়াত থকা ভিটামিন-চি-এ ছাল সুস্থ আৰু সুন্দৰ কৰি তোলাৰ লগতে ইয়াত থকা এণ্টিবেক্টেৰিয়েল উপাদানে ছালৰ বিভিন্ন ধৰণৰ সংক্ৰমণ ৰোধ কৰাত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে৷ জলকীয়াৰ ক্ষাৰ আৰু ভিটামিনবোৰে সূৰ্যৰ অতিবেঙুনীয়া ৰশ্মিবোৰৰ পৰা আমাক ৰক্ষা কৰে৷ ই চুলিৰ সুৰক্ষাটো বিশেষ ভূমিকা লয়৷ শৰীৰত হোৱা সামান্য ঘা বা কটা-ছিঙা আদিতো কেঁচা জলকীয়াই সহায় কৰে৷ কেঁচা জলকীয়া নিয়মিত খালে হাৰ্টৰ বিভিন্ন সমস্যাৰ পৰা বাচি থাকিব পাৰি৷ নাৰ্ভৰ সমস্যা কেঁচা জলকীয়া খালে নিৰাময় হয়৷ ঠাণ্ডাৰ দিনবোৰত হোৱা জ্বৰ, কাহ, চৰ্দি আদি নিৰাময়ৰ বাৰে কেঁচা জলকীয়া খাব লাগে৷ ইয়াত থকা ভিটামিন-এ-এ হাড়, দাঁত আদি মজবুত কৰে৷ কেঁচা জলকীয়াই শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে৷ সেয়েহে আহক, ভাতগৰাহৰ সৈতে এটা কেঁচা জলকীয়া খাই শৰীৰ ৰোগমুক্ত কৰোঁ৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here