ছালত বয়সৰ চাপ কমোৱা এণ্টি-এজিং ক্ৰিমত কি থকা জৰুৰী

0
5

এণ্টি এজিং ক্ৰিম ৰাতি ব্যৱহাৰ কৰাৰ ফলত ছালৰ কেনেধৰণৰ পৰিৱৰ্তন হয়, কি উপাদান ছালৰ বাবে সকলোতকৈ কাৰ্যকৰী আৰু এই উপাদানে কিদৰে ছালখনৰ পুনৰ্জন্ম ঘটাব পাৰে, সেই কথা জনাটো আৱশ্যক৷ ছালখনত বয়সৰ চাপ পৰা স্বাভাৱিক৷ কিন্তু আধুনিক জীৱন যাপন, প্ৰদূষণ, মানসিক চাপ, উদ্বেগ, অনিয়ন্ত্ৰিত খাদ্যাভ্যাস আদিয়ে এই প্ৰক্ৰিয়াক অধিক ত্বৰান্বিত কৰে৷ বজাৰত বিভিন্ন প্ৰকাৰৰ এণ্টি এজিং ক্ৰিম পোৱা যায়, যিবোৰে দাবী কৰে যে ৰাতিৰ ভিতৰতে ৰিংকল, বা বলিৰেখাৰ সমস্যা নোহোৱা কৰিব পাৰে বু্‌লি৷ কিন্তু এই দাবী কিমানদূৰ সম্ভৱ৷ জানো আহক আমি ছালখনৰ সুস্বাস্থ্যৰ বাবে ব্যৱহাৰ কৰা এণ্টিং এজিং ক্ৰিমত কি থকা জৰুৰী৷
ৰেটিনল [ভিটামিন-এ] ঃ ৰেটিনলে কোষৰ পুনৰ্জন্ম ত্বৰান্বিত কৰে৷ কোলাজেন উৎপাদন বঢ়ায় আৰু বলিৰেখাৰ দৰে সমস্যা কমাই ৰাখে৷
হায়ালুৰোনিক এচিড ঃ ছালখনৰ আদ্ৰৰ্তা ধৰি ৰাখে৷ যাৰ ফলত ছালখন মসৃণ, সজীৱ তথা টান টান ভাব হৈ থাকে৷
পেপটাইডছ ঃ পেপটাইডছে ছালখনৰ ক্ষত মেৰামতি কৰে৷ ইয়াৰ লগতে এই উপাদানে কোলাজনে আৰু ইলাষ্টিনৰ পৰিমাণ বঢ়াই দিয়ে৷
নিয়াছিনানাইড ঃ- ছালৰ ৰং স্বাভাৱিক কৰে এই উপাদানে৷
এণ্টি অক্সিডেণ্টছ ঃ ফ্ৰী ৰেডিকেল কমায় আৰু ছালত পৰা যিকোনো ৰঙা নোহোৱা কৰি বয়সৰ চাপ কমায়৷
ছালৰ পৰা মৃত কোষবোৰ আঁতৰ কৰি ছালখন উজ্জ্বল কৰি তোলে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here