ছালত দেখা এই উপসৰ্গবোৰ হ’ব পাৰে কিডনী বিকল লক্ষণ

0
52

কিডনী শৰীৰৰ এটা অত্যন্ত গুৰুত্বপূৰ্ণ অংগ৷ কিডনীয়ে শৰীৰৰ পৰা বৰ্জ্য পদাৰ্থ বাহিৰ কৰাত সহায় কৰে৷ যেতিয়া কিডনীৰ এটা বিকল হয়, তেতিয়া শৰীৰৰ বিভিন্ন অংশ প্ৰভাৱিত হয়৷ কিডনীয়ে সঠিকভাৱে কাম নকৰিলে শৰীৰৰ অভ্যন্তৰত অলাগতিয়াল বৰ্জ্য পদাৰ্থ আৰু পানী জমা হ’বলৈ ধৰে৷ উপযুক্ত সময়ত চিকিৎসা নকৰিলে কিডনী বিকল হ’ব পাৰে৷ আনহাতে কিডনী ক্ষতিগ্ৰস্ত বা কিডনীৰ অসুখ হ’লে ছালখনত কিছুমান লক্ষণে দেখা দিব পাৰে৷ এই লক্ষণবোৰ চিনাক্ত কৰি কিডনীক ক্ষতিগ্ৰস্ত হোৱাৰ পৰা ৰক্ষা কৰিব পাৰি৷
ছালৰ কোনো কাৰণ নোহোৱাকৈ যদি ছালৰ বিভিন্ন অংশত খজুৱতি হয়, তেনেহ’লে চিকিৎসকৰ পৰামৰ্শ লোৱা উচিত৷ ছালৰ খজুৱতি এটা সাধাৰণ লক্ষণ যদিও কেতিয়াবা কিডনীজনিত সমস্যাৰ বাবে এনে অসুবিধা হ’ব পাৰে৷
কিডনীয়ে সঠিকভাৱে কাম নকৰিলে ছাল ৰঙা পৰা ভাব বাঢ়িবলৈ আৰম্ভ কৰে৷ ছালখন ৰঙা পৰি সৰু সৰু গুটি ওলালে এলাৰ্জিৰ কাৰণে হয় বুলি ভবা যায় যদিও কিছু ক্ষেত্ৰত ছাল ৰঙা পৰা অৱস্থাত কিডনী বিকলতাৰ লক্ষণো হ’ব পাৰে৷ যদি আপোনাৰ শৰীৰৰ বিভিন্ন অংশত এইধৰণৰ ছাল ৰঙা পৰা হয়, তেনেহ’লে চিকিৎসকৰ পৰামৰ্শ লোৱা উচিত৷
যদি আপোনাৰ ছালখন হঠাৎ শুষ্ক হৈ যায়, তেতিয়াহ’লে কিডনী সম্পৰ্কীয় সমস্যা হ’ব পাৰে৷ সাধাৰণতে বতৰৰ পৰিৱৰ্তনৰ বাবে ছালৰ শুষ্কতা বৃদ্ধি পায় বাবে এনে পৰিস্থিতিত বেছিভাগ মানুহে উপেক্ষা কৰে৷ যদি আপোনাৰ ছালখন দীৰ্ঘসময় ধৰি শুষ্ক হৈ থাকে, তেনেহ’লে পলম নকৰি চিকিৎসকৰ ওচৰ চপা ভাল৷
যেতিয়া কিডনীয়ে সঠিকভাৱে কাম কৰিবলৈ অক্ষম হয়, তেনে অৱস্থাত ছালখনৰ ৰঙৰ পৰিৱৰ্তন ঘটিব পাৰে৷ ছালৰ ৰং পৰিৱৰ্তন আপোনাৰ বাবে বেয়া ইংগিত৷ সেয়ে ইয়াক উপেক্ষা নকৰি ততালিকে চিকিৎসা কৰাটো জৰুৰী৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here