ছালত ক’লা দাগে দিব পাৰে ডায়েবেটিছৰ সংকেত

0
4

বিশ্বত ডায়েবেটিছ ৰোগ এক মহাব্যাধি হিচাপে চিহ্নিত হৈছে৷ ছাইলেণ্ট কিলাৰ বুলি জনাজাত এই ৰোগৰ প্ৰাদুৰ্ভাৱ দিনক দিনে ভয়াৱহভাৱে বৃদ্ধি পাইছে৷ অনিয়ন্ত্ৰিত খাদ্যাভ্যাস, আৰামপ্ৰিয় জীৱনশৈলী, শৰীৰৰ ওজন বৃদ্ধি, শাৰীৰিক শ্ৰমৰ অভাৱ আদি বিভিন্ন কাৰণত ডায়েবেটিছ হ’ব পাৰে৷ ডায়েবেটিছ ৰোগ আৰম্ভ হ’লে সঘনাই প্ৰস্ৰাৱ লগা, প্ৰস্ৰাৱৰ ৰং সলনি হোৱা, প্ৰস্ৰাৱৰ দুৰ্গন্ধ, দুৰ্বল শৰীৰ, কাম কৰাৰ ইচ্ছা কমা আদি বহুতো আছে যদিও ইয়াৰ ভিতৰত শৰীৰৰ ছালত হোৱা ক’লা দাগো অন্যতম৷ কোনো আঘাত নোপোৱাকৈয়ে গাৰ, কান্ধ, কিলাকুটি, চকুৰ তলৰ, গাল আদি বিভিন্ন অংশত ক’লা চামনি বা দাগ পৰিবলৈ ধৰে৷ ছুগাৰে ছালক প্ৰভাৱিত কৰাৰ উপৰি শৰীৰৰ স্নায়ু আৰু ৰক্তপ্ৰৱাহক প্ৰভাৱিত কৰিব পাৰে৷ শৰীৰত যেতিয়া ছুগাৰৰ স্তৰ বাঢ়ি যায়, তেতিয়া ছালৰ মেটাবলিজমৰ স্তৰ বৃদ্ধি হয়৷ মেলানিন একপ্ৰকাৰ পিগমেণ্ট৷ ইয়াৰ বাবে ছালৰ ডাঠ ক’লা চামনি বা দাগ পৰে৷ এনে পৰিস্থিতিক  Acanthosis nigricans বোলা হয়৷ এই ক’লা দাগ ঘাৰ, কঁকাল, কান্ধ, গল, পেটৰ তল অংশ, কিলাকুটি আদিত দেখা যায়৷ ছুগাৰৰ মাত্ৰা নিয়ন্ত্ৰম কৰিলে এই সমস্যাৰ সমাধান হয়৷ যদিও এই দাগে চালৰ কোনো ক্ষতি নকৰে, কিন্তু ইয়াৰ বাবে মানসিক অস্বস্তি আৰু জীৱনশৈলীত প্ৰভাৱ পেলায়৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here