ছালখন সোণৰ দৰে জিলিকি থাকিবলৈ এই আসন কৰক

0
45

স্বাস্থ্য মানে অকল শৰীৰৰ স্বাস্থ্যই নহয়, মনৰ স্বাস্থ্যও ভালে ৰখা সমানে জৰুৰী৷ আৰু শৰীৰ আৰু মন একে সময়তে সুস্থ তথা শান্ত কৰি ৰাখিবলৈ যোগাসনৰ বিকল্প আন একো নাই৷ শৰীৰ আৰু মন সুস্থ তথা সতেজ ৰখাৰ ভাৰতীয় এই প্ৰাচীন পদ্ধতি যোগ বৰ্তমান সমগ্ৰ বিশ্বতে সমাদৃত হৈছে৷ যোগে আমাক শৰীৰৰ ভিতৰৰ পৰা সুস্থ, শক্তিশালী তথা নিৰোগী কৰি ৰাখে৷ যোগাসনৰ বিভিন্ন প্ৰকাৰে আমাৰ শৰীৰৰ বিভিন্ন অংগৰ সুস্থ তথা সবল কৰাত সহায় কৰে৷ আমাৰ শৰীৰৰ ছালখন হ’ল এক অবিচ্ছেদ্য অংগ৷ ছালৰ যত্ন তথা সুৰক্ষাৰ বাবে কোনকেইটা যোগাসন কৰিলে সুফল পোৱা যায়, সেয়া জানো আহক৷
পদহস্তাসন ঃ- এই আসন কৰিবলৈ প্ৰথমে পোন হৈ থিয় হৈ লওক৷ তাৰ পাছত আগলৈ হাউলি গৈ হাত দুখনেৰে দুই ভৰিৰ তলুৱা চুই থাকক৷ মূৰটো আঁঠুত লগাই কিছু সময় এই ভংগীত থাকক৷ তাৰ পাছত লাহে লাহে পুনৰ আগৰ অৱস্থালৈ ঘূৰি আহক৷ এইদৰে তিনি-চাৰিবাৰমান কৰাৰ চেষ্টা কৰক৷
সৰ্বাংগসন ঃ- এই আসন কৰাৰ আগতে চিট হৈ শুই লওক৷ তাৰ পাছত কান্ধৰ পৰা গোটেই শৰীৰটোক যিমান পাৰে ওপৰলৈ দিয়ক৷ এই সময়ত হাত দুখনেৰে কঁকালত খামুচি ধৰি শৰীৰৰ ভাৰসাম্য ধৰি ৰখাৰ চেষ্টা কৰক৷ এনে কৰাৰ সময়ত শৰীৰটো সম্পূৰ্ণ পোন কৰিবলৈ যত্ন কৰক৷ কিছু সময় এইদৰে ৰৈ পাছত আগৰ অৱস্থালৈ ঘূৰি আহক৷
হলাসন ঃ- এই আসন কৰাৰ আগতে আপুনি ওপৰমুৱাকৈ শুই লওক৷ তাৰ পাছত ভৰি দুখন পিছফালে লাহে লাহে নি মাটি স্পৰ্শ কৰাৰ চেষ্টা কৰক৷ এনে সময়ত হাত দুখন মুঠি মাৰি ধৰি পিছফালে নি পোন কৰি ৰাখক৷ অলপ সময় এই অৱস্থাত থাকি পুনৰ আগৰ অৱস্থালৈ ঘূৰি আহক৷
শীৰ্ষাসন ঃ- এই আসন কৰিবলৈ অতি কঠিন৷ এই আসন কৰিলে মানুহজন সম্পূৰ্ণ ওলোটা হ’ব লগা হয়৷ শৰীৰৰ সমস্ত ভৰ মূৰ আৰু হাত দুখনৰ ওপৰত নিৰ্ভৰ কৰে৷ এই আসন কৰিবলৈ হ’লে প্ৰথমে মূৰটো মাটিত গুঁজি লৈ হাত দুখন মূৰৰ পিছফালে ৰাখি শৰীৰৰ গোটেই ভৰ থৈ বাকী অংশ ওপৰলৈ তোলাৰ চেষ্টা কৰক৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here