ছালখন সুন্দৰ কৰি ৰাখিবলৈ এইবোৰ কেতিয়াও মুখত নলগাব

0
31

সুন্দৰ-উজ্জ্বল ছাল সকলোৰে কাম্য৷ ইয়াৰ বাবে বহুতেই মুখত বিভিন্ন ধৰণৰ প্ৰসাধন সামগ্ৰী ব্যৱহাৰ কৰে৷ এই উপাদানবোৰৰ ভিতৰত এনে কিছু উপাদান আছে, যিবোৰে মুখত ঘঁহাৰ ফলত লাভতকৈ ক্ষতিৰ পৰিমাণহে বেছি থাকে৷ সেয়ে এই সামগ্ৰী ছালত ব্যৱহাৰ কৰাটো মুঠেও উপযোগী নহয়৷ স্বাস্থ্য বিষয়ক ৱেবছাইট হেল্‌ডি ফুড টীমে প্ৰকাশ কৰিছে এই সংক্ৰান্তীয় এক প্ৰতিবেদন৷
ভেচলিনে ছালখন আদ্ৰৰ্ কৰি ৰখাত সহায় কৰে৷ ই শুষ্ক ছাল প্ৰতিৰোধত উপকাৰী৷ বিভিন্ন কটা-ছিঙা বা পোক-পৰুৱাই কামুৰিলে ইয়াক ব্যৱহাৰ কৰা হয়৷ মুখত ব্ৰনৰ সমস্যা থাকিলে মুখত ভেচলিন লগোৱা উচিত নহয়৷ কিয়নো ভেচলিনে ব্ৰনৰ সমস্যা বঢ়াই দিয়ে৷
বডী লোচন প্ৰস্তুত কৰা হয় শৰীৰৰ কাৰণে, মুখৰ বাবে নহয়৷ শৰীৰৰ ছাল মুখৰ ছালৰ তুলনাত ডাঠ হয়৷ আৰু বডী লোচন সেই অনুসৰি তৈয়াৰ কৰা হয়৷ সেয়ে মুখত ছালৰ বাবে বডী লোচন কেতিয়াও উপযোগী নহয়৷
গৰম পানীৰ ভাপ বা বাষ্প মুখত লগোৱাটো বহুতেই পচন্দ কৰে৷ কিন্তু গৰম পানী মুখত লগোৱাটো সঠিক নহয়৷ গৰম পানী মুখত ব্যৱহাৰ কৰাৰ ফলত মুখৰ ছালখন ৰুক্ষ তথা শুষ্ক কৰি দিয়ে৷ যাৰ ফলত মুখৰ আদ্ৰৰ্তা হেৰাই যায়৷
বহুতেই ব্ৰন শুকাই যাবলৈ মুখত টুথপেষ্ট ব্যৱহাৰ কৰে৷ কিন্তু এই উপায় মুঠেই গ্ৰহণযোগ্য নহয়৷ টুথপেষ্টে মুখৰ ছালৰ অস্বস্তি বঢ়াই জটিল সমস্যাৰ সৃষ্টি কৰিব পাৰে৷ যেনে– কেমিকেল বাৰ্ন, স্কাৰ্ছ আদি৷
বহুতেই বাবে বেকিং ছ’ডা ব্যৱহাৰ কৰিলে ছালৰ মৃতকোষ নোহোৱা হয়৷ বিশেষজ্ঞই কোৱা মতে, ইয়াৰ ব্যৱহাৰে ছালখনৰ যথেষ্ট ক্ষতি কৰে৷ ছালৰ আদ্ৰৰ্তা বিনষ্ট কৰে৷
হাইড্ৰজেন পাৰঅক্সাইড এই শক্তিশালী উপাদানবিধ কটা-ছিঙা বা ছালৰ কোনো অংশ পুুৰিলে সংক্ৰমণৰ পৰা হাত সাৰিবলৈ ব্যৱহাৰ কৰা হয়৷ কিন্তু ইয়াক ব্যৱহাৰ কৰাৰ ফলত ছালৰ প্ৰদাহ বা এলাৰ্জিৰ সৃষ্টি হ’ব পাৰে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here