ছান ষ্ট্ৰ’ক নহ’বলৈ এইবোৰ ব্যৱস্থা লওক

0
73

ছান ষ্ট্ৰ’ক বা হিট ষ্ট্ৰ’ক– গৰমৰ দিনত হোৱা এটা সমস্যা৷ ছান ষ্ট্ৰ’ক বা হিট ষ্ট্ৰ’ক হৈছে যেতিয়া আমাৰ শৰীৰৰ তাপমাত্ৰা অস্বাভাৱিকভাৱে বৃদ্ধি পায়৷ বিশেষকৈ, প্ৰখৰ ৰ’দত একেথিৰে কাম কৰি থাকিলে, বন্ধ কোঠা বা পানী কমকৈ খালে শৰীৰৰ তাপ ওলাই আহিব নোৱাৰি হিট ষ্ট্ৰ’ক হয়৷ এনে অৱস্থাত শৰীৰৰ তাপমাত্ৰা ৪০ ডিগ্ৰীলৈ বৃদ্ধি পায়৷ এনে ক্ষেত্ৰত তৎক্ষণাৎ চিকিৎসাৰ প্ৰয়োজন৷ অন্যথা ৰোগীৰ মৃত্যুপৰ্যন্ত হ’ব পাৰে৷
হিট ষ্ট্ৰ’ক হ’লে ৰোগীক ঠাণ্ডা ঠাইত শুৱাই দিব লাগে৷
বৰফ পানীৰে গা-মূৰ মচি দি যিমান পাৰি শৰীৰক বতাহ লগাৰ ব্যৱস্থা কৰিব লাগে৷
কাপোৰ এখন ভিজাই লৈ মূৰ, কপাল আদিত জলপটি দিব লাগে৷
ঠাণ্ডা পানীত ৰোগীক চেনি-নিমখ মিশ্ৰণ কৰি খুওৱাৰ চেষ্টা কৰিব লাগে৷
এনেধৰণে প্ৰাথমিক চিকিৎসা কৰি উঠি তৎক্ষণাৎ চিকিৎসকৰ পৰামৰ্শ ল’ব লাগে৷
সাৱধানতা ঃ-
শৰীৰত পানীৰ পৰিমাণ কমিব দিব নালাগে৷ ইয়াৰ বাবে পৰ্যাপ্ত মাত্ৰাত পানী খাব লাগে৷
অত্যধিক গাত লিপিট খাই থকা কাপোৰ পিন্ধিব নালাগে৷
ৰ’দত বেছি সময় থাকিব নালাগে৷
ৰ’দত পাৰ্ক কৰা গাড়ীত বেছি সময় বহি থাকিব নালাগে৷ কাৰণ ৰ’দত গাড়ী পাৰ্ক কৰাৰ ফলত গাড়ীৰ ভিতৰৰ তাপমাত্ৰা দহ মিনিটত ৬.৭ ডিগ্ৰী চেলচিয়াছলৈ বৃদ্ধি পায়৷
ৰ’দত ওলাই গ’লে ছাতি, ছানগ্লাছ, টুপী আদি ব্যৱহাৰ কৰিব লাগে৷
এনেধৰণৰ সাৱধানতাসমূহ অৱলম্বন কৰি বিশেষকৈ গৰমৰ দিনকেইটাত ছান ?ষ্ট্ৰ’ক হোৱাৰ পৰা নিজকে লগতে আপোনজনকো ৰক্ষা কৰো আহক৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here