বৰফৰ সাম্ৰাজ্য এণ্টাৰ্কটিকা৷ এণ্টাৰ্কটিকাৰ পশ্চিম অংশ পানী পাবলৈ নাই৷ গোটেইখিনি পানী জমা হৈ কঠিন বৰফলৈ পৰিৱৰ্তন হৈছে৷ বিজ্ঞানীয়ে এই অংশত হিমবাহৰ পৰীক্ষা কৰোঁতে এক আচৰিত কথা তেওঁলোকৰ চকুত পৰে৷ পানীৰ নমুনা কৰাৰ সহয়ত বিজ্ঞানীসকলে লক্ষ্য কৰে যে ইয়াত জীৱৰ কোনো অস্তিত্ব নাই যদিও বৰফৰ তলত ছয় হাজাৰ বছৰৰ পুৰণি জীৱাণু আৰু বেক্টেৰিয়াৰ উপস্থিতি ধৰা পৰে৷ হাজাৰ হাজাৰ বছৰ মেৰু প্ৰদেশৰৰ মহাসাগৰৰ পানীত দ্ৰৱীভূত কাৰ্বনৰ পৰা এই বেক্টেৰিয়া তথা জীৱাণুৱে পুষ্টি লাভ কৰি আছে৷ জলবায়ু পৰিৱৰ্তনৰ বাবে মৰু অঞ্চলত যিদৰে বৰফ গলিবলৈ লৈছে, ইয়াৰ কাৰণবোৰ জানিবলৈ বিজ্ঞানীয়ে এই অভিযান চলাইছিল৷ তেওঁলোকে জনোৱা মতে এণ্টাৰ্কটিকাৰ বৰফৰ তলত ৬৭৫টা জলাশয় আছে৷ দীৰ্ঘদিন ধৰি এই পৰিৱেশ বিৰাজমান হোৱাৰ ফলত জলাশয়ত পানী শুকাই গৈছে৷ এই জলাশয়বোৰ বৰফৰ পৰা ওলাই আহিলে এইবোৰ উষ্ণতাৰ পৰিৱৰ্তনৰ সংকটত পৰিব৷ আনহাতে বিজ্ঞানীসকলে ভৱিষ্যৎবাণী কৰিছে যে উষ্ণতা বৃদ্ধি তথা জলবায়ু পৰিৱৰ্তনৰ কাৰণে এণ্টাৰ্কটিকাৰ পৰিস্থিতি ভৱিষ্যৎ সংকটজনক৷ এইবাৰ বিজ্ঞানীয়ে ২৪ ঘণ্টা ধৰি গৰম পানীৰ ড্ৰিল কৰিছে৷ বিজ্ঞানীৰ মতে বৰফৰ তলত পোৱা বেক্টেৰিয়াবোৰে কাৰ্বন নিজেই প্ৰস্তুত কৰি জীয়াই আছে৷