ছমাহৰ ভিতৰত ৩০ কোটি লোকৰ টিকাকৰণ কৰা হ’ব : হৰ্ষ বৰ্ধন

0
1660

ভাৰতত অহা ছমাহৰ ভিতৰত ৩০ কোটি লোকক কৰ’না ভাইৰাছৰ ভেকচিন দিয়াৰ সম্ভৱনা আছে৷ কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী ডাঃ হৰ্ষ বৰ্ধনে অমিতাভ বচ্ছনক দিয়া এটা সাক্ষাৎকাৰত এই কথা প্ৰকাশ কৰে৷ এখন ইংৰাজী দৈনিক কাকতত প্ৰকাশ পোৱা উক্ত সাক্ষাৎকাৰটোত তেওঁ কয় যে অহা তিনিৰ পৰা চাৰি মাহৰ ভিতৰত কৰ’নাৰ ভেকচিন লাভ কৰাৰ পূৰ্ণ সম্ভাৱনা আছে৷ জুলাইৰ ভিতৰত ২৫/৩০ কোটি লোকক কৰ’নাৰ টিকাকৰণৰ আঁচনি হাতত লোৱা বুলিও মন্ত্ৰীজনে মন্তব্য কৰে৷ সেই অনুসৰি সকলোবিলাক দলেও কাম কৰাৰ কথাও তেওঁ ব্যক্ত কৰে৷ তেওঁ জনসাধাৰণক সামাজিক দূৰত্ব মানি চলিবলৈ আৰু মাস্ক পৰিধান কৰিবলৈ আহ্বান জনায়৷ তেওঁ কয় যে সৰ্বপ্ৰথমে চৰকাৰী আৰু বেচৰকাৰী খণ্ডৰ স্বাস্থ্যকৰ্মী, ইয়াৰ পাছত আৰক্ষী, কৰ্প’ৰেশ্যনৰ কৰ্মচাৰী, ছেনিটাইজেশ্যন কৰা লোকসকল, অৰ্ধসামৰিক বাহিনী, সেনাৰ জোৱানকে ধৰি ক্ষেত্ৰভিত্তিত কাম কৰা লোকসকলক ভেকচিন দিয়া হ’ব৷ ইয়াৰ পাছত ৬৫ বছৰৰ ঊধ্বৰ্ৰ আৰু তাৰ পাছত ৫০-৬৫ বছৰ বয়সৰ লোকসকলক ভেকচিন দিয়া হ’ব বুলিও তেওঁ উল্লেখ কৰে৷ তাৰ পাছত যিসকল লোক ৫০ বছৰৰ কম বয়সৰ, যিসকল লোকৰ বহুমূত্ৰ, হৃদৰোগৰ দৰে অসুখ আছে, তেওঁলোকক ভেকচিন দিয়াৰ ব্যৱস্থা কৰা হ’ব৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here