ছ’চিয়েল মিডিয়াই শিশুৰমানসিক স্বাস্থ্যত প্ৰভাৱ পেলায়

0
512


ছ’চিয়েল মিডিয়াই এতিয়া শিশুৰ পৰা বৃদ্ধলৈকে সকলোৰে মানসিক স্বাস্থ্যত প্ৰভাৱ পেলাইছে৷ ইয়াৰ ভিতৰত আটাইতকৈ বেছি বিৰূপ প্ৰভাৱ পেলাইছে শিশুৰ মানসিক স্বাস্থ্যত৷ আমেৰিকাৰ ছাৰ্জন জেনেৰেল ডাঃ বিবেক মূৰ্তিয়ে এইবুলি সকীয়াই দিয়ে যে ছ’চিয়েল মিডিয়া শিশুৰ বাবে সুৰক্ষিত নহয়৷ অভিভাৱকসকলে বিশেষ উপায় অৱলম্বন কৰি শিশুক ইয়াৰ পৰা আঁতৰাই ৰখাৰ ব্যৱস্থা কৰিব লাগে৷ ইয়াৰ জৰিয়তে তেওঁলোকৰ মানসিক স্বাস্থ্য ক্ষতি হোৱাৰ আশংকা হ্ৰাস কৰিব পৰা যায়৷ ডাঃ মূৰ্তিৰ মতে, আমেৰিকাত এতিয়া ৯৫ শতাংশ কিশোৰ ছ’চিয়েল মিডিয়াত সক্ৰিয়৷ ছ’চিয়েল মিডিয়াই তেওঁলোকৰ টোপনিত বিৰূপ প্ৰভাৱ পেলাইছে৷ কেৱল সিমানেই নহয়, তেওঁলোকৰ আত্মবিশ্বাস হ্ৰাস কৰাৰ লগতে খোৱা-বোৱাৰ ধৰণ-কৰণতো প্ৰভাৱ পেলাইছে৷ তেওঁৰ মতে প্ৰতিদিনে তিনি ঘণ্টাকৈ অধিক সময় ছ’চিয়েল মিডিয়াত ব্যস্ত হৈ থকা শিশুৰ মানসিক স্বাস্থ্যৰ ক্ষতি হোৱাৰ আশংকা অধিক৷ তেওঁ দিয়া সতৰ্কবাণীত লগতে এইবুলিও কোৱা হৈছে যে ছ’চিয়েল মিডিয়াত অধিক সক্ৰিয় শিশু আৰু কিশোৰ মানসিক চাপ আৰু মানসিক অৱসাদৰ দৰে অধিক বয়সত দেখা দিয়া মানসিক বিকাৰত ভুগিবলৈ লৈছে৷ ১৩-১৭ বছৰলৈকে শিশুক ম’বাইল ফ’নৰ পৰা আঁতৰত ৰাখিবলৈও কোৱা হৈছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here