চৰাইৰ দৰে আকাশতউৰা উৰণীয়া স্কুটাৰ

0
393


চৰাইৰ দৰে আকাশত উৰাৰ সপোন সকলোৱে দেখে৷ এতিয়া এই সপোনক বাস্তৱ ৰূপ দিব পৰা যাব এখন উৰণীয়া স্কুটাৰৰ জৰিয়তে৷ দেখাত এভকেডি নামৰ ফলবিধৰ দৰে এই স্কুটাৰখন এনেদৰে তৈয়াৰ কৰা হৈছে যে ইয়াক চলাবলৈ অনুজ্ঞাপত্ৰৰ প্ৰয়োজন নহ’ব৷ এই এয়াৰ স্কুটাৰখন সাজিছে ২০১৯ চনত নিজে প্ৰস্তুত কৰা হোভাৰব’ৰ্ড, জাপাটা ফ্লাইব’ৰ্ডেৰে ইংলিছ চেনেল পাৰ হোৱা ফ্ৰেংকী জাপাটাই৷ তেওঁ স্কুটাৰখনৰ দ্বিতীয়টো পৰীক্ষাত পানীৰ ওপৰেৰে ২২ মিনিটত ৩৫ কিল’মিটাৰ অতিক্ৰম কৰিছিল৷ তেওঁ এতিয়া এয়াৰ স্কুটাৰ প্ৰট’টাইপৰ ৰূপত ব্যক্তিগত ভি টি অ’ এল [ভাৰ্টিকেল টেকঅপ এণ্ড লেণ্ডিং] বিমান তৈয়াৰ কৰিছে৷ এই এয়াৰ স্কুটাৰখন অলপতে ফ্ৰান্সৰ পেৰিছত অনুষ্ঠিত ভিভা টেকনলজী কনফাৰেন্সত মুকলি কৰা হয়৷ কোম্পানীটোৰ মতে, তেওঁলোকে ফেডাৰেল এভিয়েশ্যন অথৰিটিৰ নীতি-নিয়ম পালন কৰিছে, যাৰ ফলত এই এয়াৰ স্কুটাৰখন চলাবলৈ পাইলটৰ অনুজ্ঞাপত্ৰৰ প্ৰয়োজন নহ’ব৷ ইয়াৰ সৰ্বোচ্ছ বেগ হ’ল ঘণ্টাত ১০০ কিল’মিটাৰ৷ এয়াৰ স্কুটাৰ আকাশত দুঘণ্টা উৰিব পাৰিব আৰু ১২০ কিল’গ্ৰাম ওজন বহন কৰিব পাৰে৷ এই ক্ষুদ্ৰ বিমানখন ভূপৃষ্ঠৰ পৰা ৩-৪ হাজাৰ মিটাৰ ওপৰলৈ যাব পাৰে৷ ১১৫ কিল’গ্ৰাম ওজনৰ এয়াৰ স্কুটাৰত ১২টা প্ৰপেলাৰ, ৮টা ইলেকট্ৰিক মটৰ, ৪টা পেট্ৰল চালিত মটৰ আছে৷ ১৮.৯ লিটাৰ ইন্ধন ভৰাব পৰা টেংকি থকা এয়াৰ স্কুটাৰখন উৰাবলৈ অতি সহজ৷ অৱশ্যে বাণিজ্যিকভাৱে এই ক্ষুদ্ৰ বিমানখনৰ উৎপাদন কেতিয়া আৰম্ভ কৰা হ’ব, সেইটো জানিব পৰা হোৱা নাই৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here