চৰকাৰে কভিড-১৯ ভেকচিনৰ টিকাকৰণৰ ব্যয় বহন কৰিব

0
1746

ভাৰতত কৰ’নাৰ ভেকচিনৰ টিকাকৰণৰ সম্পূৰ্ণ ব্যয় বহন কৰিব কেন্দ্ৰীয় চৰকাৰে৷ এটা বাতৰি প্ৰতিষ্ঠানে এই তথ্য প্ৰকাশ কৰি কয় যে টিকাকৰণৰ ৰূপ ৰেখা ইতিমধ্যে প্ৰস্তুত কৰা হৈছে আৰু অহা বিত্তীয় বৰ্ষৰ বাজেটত এই বিষয়ে ঘোষণা কৰাৰ সম্ভাৱনা আছে৷ এক অনুমান মতে, ভাৰতত এজন নাগৰিকক ভেকচিন দিওঁতে ৬-৭ ডলাৰ ব্যয় হোৱাৰ অনুমান কৰা হৈছে৷ ইয়াৰ প্ৰতি লক্ষ্য ৰাখি ১৩০ কোটি লোকক ভেকচিন দিয়াৰ বাবে চৰকাৰে ৫০০ কোটি টকাৰ বাজেট প্ৰস্তুত কৰিছে৷ ইয়াৰ বাবে ধনৰ ব্যৱস্থা কৰা হ’ব চলিত বিত্তীয় বছৰৰ অন্তিম মাহকেইটাত৷ ইয়াৰ পাছত ভেকচিনৰ যোগানৰ বাবে ধনৰ অভাৱ নহ’ব৷ বাতৰি প্ৰতিষ্ঠানটোৰ মতে, চৰকাৰে অহা বছৰ ফেব্ৰুৱাৰীৰ শেষৰফালে ভাৰতত টিকাকৰণৰ আৰম্ভ কৰাৰ কথা চিন্তা কৰিছে৷ চৰকাৰে কৰ’নাৰ ভেকচিনৰ টিকাকৰণত হ’বলগীয়া ব্যয়ৰ বিষয়ে অহা বিত্তীয় বৰ্ষৰ সাধাৰণ বাজেটত ঘোষণা কৰাৰ সম্ভাৱনা আছে৷ ইফালে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শনিবাৰে পুনেস্থিত ছিৰাম ইন্‌ষ্টিটিউট অব্‌ ইণ্ডিয়া ভ্ৰমণ কৰিব৷ কৰ’না ভাইৰাছৰ ভেকচিনৰ উৎপাদনৰ অগ্ৰগতিৰ বিষয়ে বুজ ল’বলৈ প্ৰধানমন্ত্ৰীয়ে প্ৰতিষ্ঠানটো ভ্ৰমণ কৰিব৷ প্ৰতিষ্ঠানটোত এষ্ট্ৰ’জেনেকাৰ সহযোগত অক্সফ’ৰ্ড বিশ্ববিদ্যালয়ে প্ৰস্তুত কৰা ভেকচিনৰ উৎপাদন কৰি থকা হৈছে৷ ভেকচিন প্ৰস্তুতত ছিৰাম ইনষ্টিটিউটো অক্সফ’ৰ্ড বিশ্ববিদ্যালয়ৰ সহযোগী প্ৰতিষ্ঠান হিচাপে আছে৷ পুনেৰ মাণ্ডলিক আয়ুক্তই কয় যে শনিবাৰে প্ৰধানমন্ত্ৰীয়ে ছিৰাম ইনষ্টিটিউট ভ্ৰমণ কৰিব বুলি নিশ্চিত কৰা হৈছে৷ ছিৰাম ইন্‌ষ্টিটিউটে কৰ’নাৰ ভেকচিন উৎপাদন কৰি আছে৷ তৃতীয় পৰ্যায়ৰ পৰীক্ষাৰ পাছত কেন্দ্ৰীয় ঔষধ নিয়ন্ত্ৰকৰ অনুমতি পালেই এই ভেকচিন বজাৰলৈ ওলাব৷ প্ৰধানমন্ত্ৰীয়ে ইয়াৰ প্ৰস্তুতিৰ বিষয়ে প্ৰতিষ্ঠানটোলৈ গৈ বুজ ল’ব৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here