চেলিব্ৰিটিসকলে খোৱা ক’লা পানীৰ ৰহস্য জানেনে?

0
2

বলিউডৰ তাৰকাসকলৰ হাতত প্ৰায়ে এটা ক’লা পানীৰ বটল আপোনালোকে নিশ্চয় লক্ষ্য কৰিছে৷ পিছে কি এই ক’লা পানীৰ ৰহস্য৷ আচলতে এই ক’লা পানী হৈছে Alkaline water৷ ইয়াত Fulvic acid, অন্যান্য মিনাৰেল আৰু ভিটামিন পোৱা যায়৷ ইয়াত থকা Fulvic acid-এ ইয়াৰ ৰং ক’লা কৰে৷ পিছে ইয়াৰ ৰং ক’লা যদিও ই খাবলৈ সাধাৰণ পানীৰ দৰেই৷ ইয়াত প্ৰচুৰ পৰিমাণে ph আৰু Alkalinity থাকে, যি বটলৰ পানীৰ তুলনাত কম এচিডিক হয়৷ বিৰাট কোহলীৰ পৰা আৰম্ভ কৰি বহুকেইজন তাৰকাই স্বাস্থ্য ধৰি ৰখাৰ স্বাৰ্থত ক’লা পানী সেৱন কৰে৷ সাধাৰণ পানীৰ তুলনাত ক’লা পানী বা Black Waterৰ বহুতো উপকাৰিতা আছে৷
ক’লা পানীয়ে এচিডিটি কমাই শৰীৰৰ ph লেবেলৰ ভাৰসাম্যতা অটুট ৰখাত সহায় কৰে৷ ই শৰীৰৰ অন্য অংগৰ পৰা ওলোৱা এচিডৰ পৰিমাণ কম কৰে৷
ক’লা পানীত প্ৰচুৰ পৰিমাণৰ এণ্টিঅক্সিডেণ্ট আৰু মিনাৰেল পোৱা যায়, যিয়ে ফ্ৰী ৰেডিকেলৰ পৰিমাণ কমাই বয়সৰ চাপ পৰা প্ৰক্ৰিয়াৰ গতি হ্ৰাস কৰে৷
ক’লা পানীয়ে মেটাবলিজম বৃদ্ধি কৰি কেলৰি বাৰ্ন কৰাত সহায় কৰে৷ লগতে গোটেই দিনটো সতেজ আৰু সক্ৰিয় হৈ থকাত অৰিহণা যোগায়৷
ইমিউনিটি বৃদ্ধি কৰাতো ক’লা পানী বিশেষভাৱে কাৰ্যকৰী৷
সাধাৰণ পানীৰ তুলনাত ক’লা পানীয়ে শৰীৰত পানীৰ সমতা স্থাপন কৰি শৰীৰটো হাইড্ৰেট কৰি ৰখাত সহায় কৰে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here