চেনিটাৰী নেপকিন : অত্যাৱশ্যকীয় সামগ্ৰীত অন্তৰ্ভুক্ত

0
784

ৰাজ্যত বানপীড়িত অঞ্চলত যুৱতী-মহিলা, কিশোৰীৰ জনস্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি চলিত বৰ্ষৰ পৰা এই ব্যৱস্থাৰ কাৰ্যকৰী হ’ব বুলি জনাইছে ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা বিভাগে৷

অৱশেষত অত্যাৱশ্যকীয় সামগ্ৰীৰ তালিকাত অন্তভুৰ্ক্ত হ’ল চেনিটাৰী নেপকিন৷ ৰাজ্য চৰকাৰৰ জনস্বাস্থ্যৰ ক্ষেত্ৰত এক যুগান্তকাৰী পদক্ষেপ হিচাপে বিবেচিত হৈছে৷ ইয়াৰ বাবে ৰাজ্য চৰকাৰে প্ৰয়োজনীয় নিৰ্দেশ জাৰি কৰিছে৷ বিশেষকৈ, ৰাজ্যত বানপীড়িত অঞ্চলত যুৱতী-মহিলা, কিশোৰী জনস্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি চলিত বৰ্ষৰ পৰা এই ব্যৱস্থাৰ কাৰ্যকৰী হ’ব বুলি জনাইছে ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা বিভাগে৷ ইয়াৰ বাবে ৰাজ্যৰ প্ৰতিখন জিলাৰ উপায়ুক্তৰ চি আৰ ফাণ্ডৰ পৰা ধনৰ বাবে প্ৰয়োজনীয় মোকলাই দিবলৈ নিৰ্দেশ দিয়া হৈছে৷ কেৱল চেনিটাৰী নেপকিন যোগানেই নহয়, চলিত বৰ্ষত ৰাজ্য চৰকাৰে তিনিখন জিলাৰ ১২টা ৰাজহ চক্ৰত ২৪টা অঞ্চলত নিৰ্মাণ কৰিব ডিচ্‌পজেব্‌ল আৰু ভেণ্ডিং মেচিনো৷ ইয়াৰ বাবে ইতিমধ্যে ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে নিবিদা আহ্বান কৰিছে৷ জানিব পৰা মতে, পাইলট প্ৰজেক্ট হিচাপে এইবাৰ কেইখনমান জিলাত চেনিটাৰী নেপকিন ভেণ্ডি মেচিন বানাক্ৰান্ত অঞ্চলৰ শিবিৰবোৰত ব্যৱহাৰ কৰা হ’ব আৰু এই ভেণ্ডিং মেচিনৰ জৰিয়তে যাতে শিবিৰত থকা মহিলা-যুৱতীসকলে অতি সহজে আৰু অনায়াসে চেনিটাৰী নেপকিন ব্যৱহাৰ কৰিব পাৰে, তাৰো ব্যৱস্থা কৰা হৈছে৷ এনে শিবিৰত ডিচ্‌পজেব্‌ল মেচিনো ৰখা হ’ব, যাতে ব্যৱহাৰৰ পাছত চেনিটাৰী নেপকিনবোৰ পেলাব পাৰে৷ প্ৰথমাৱস্থাত ঘাইকৈ মৰিগাঁও, মাজুলী আৰু গোৱালপাৰা জিলাত পৰীক্ষামূলকভাৱে বানাক্ৰান্ত শিবিৰবোৰত এই মেচিনৰ ব্যৱস্থা কৰা হ’ব৷ ৰাজ্য চৰকাৰৰ বিগত ছবছৰ ধৰি চলা এই পদক্ষেপৰ শলাগ লৈছে ডিগনিটি ইন ফ্লাড কেম্পেইনৰ জৰিয়তে আৱেদন দাখিল কৰা ময়ূৰী ভট্টাচাৰ্যই৷ ভট্টাচাৰ্যই লগতে কয় যে অসমৰ দৰে দেশৰ আন ৰাজ্যকো এনে পদক্ষেপৰ অনুসৰণ কৰিবলৈ আহ্বান জনায়৷ অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ এই যুগান্তকাৰী পদক্ষেপে যে ৰাজ্যৰ, বিশেষকৈ বানপীড়িত অঞ্চলৰ মহিলা-যুৱতীৰ স্বাস্থ্যৰ ক্ষেত্ৰত এক সুদূৰপ্ৰসাৰী প্ৰভাৱ পেলাব, সেয়া নিশ্চিত৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here