মূৰৰ হাত দিয়েই মুঠি মুঠি চুলি উভালি হাতত আহে, অনৱৰতে চুলি সৰি থাকে৷ পৰিৱেশ প্ৰদূষণ, পানী প্ৰদূষণ, জীৱন যাপন, খাদ্যাভ্যাস, মানসিক চাপ সকলো মিলি চুলিখিনি যেন ক্ৰমে জীৰ্ণ হৈ পৰে৷ বিভিন্ন ধৰণৰ ছেম্পু, তেল, ট্ৰিটমেণ্ট, মাস্ক ব্যৱহাৰ কৰিও কোনো সুফল পোৱা নাই৷ তেনেহ’লে পুৰণি দিনৰ পদ্ধতিলৈ ঘূৰি গ’লে উপকাৰ পাব পাৰি৷ ফিটকিৰি– প্ৰদাহনাশক, এণ্টিছেপটিক আৰু এণ্টিবেক্টেৰিয়াল বৈশিষ্ট্যযুক্ত পটাচিয়াম, এলুমিনিয়াম ছালফেটেৰে ভৰপূৰ আৰু এষ্টি˜নজেণ্টজাতীয় এই উপাদান মূলতঃ পানী পৰিশ্ৰুত কৰাৰ কামত ব্যৱহাৰ হয়৷ কিন্তু ইয়াৰ লগতে একাধিক ৰোগমুক্তি, ৰূপচৰ্চাত সমানে গ্ৰহণযোগ্য৷ বহুতেই হয় ফিটকিৰি ব্যৱহাৰ কথা পাহৰিয়েই গৈছে৷ কিন্তু আপোনাৰ চুলি সৰা সমস্যাৰ পৰা মুক্তি পাবলৈ ফিটকিৰিৰ ওপৰত ভৰসা ৰাখক৷ দাড়ি কাটোতে ফিটকিৰি ব্যৱহাৰ কৰা হয়৷ যাৰ ফল ছালৰ সংক্ৰমণ হোৱাৰ সম্ভাৱনা নাথাকে৷ একেদৰে এই ফিটকিৰি ছালৰ বাবেও উপকাৰী৷ ছালৰ খজুৱতিৰ পৰা আৰম্ভ কৰি ছালৰ ৰুক্ষতা, চুলি সৰা সমস্যা সমাধানত মোকাবিলা কৰিব পাৰে ফিটকিৰিয়ে৷ সঠিক উপায়ে প্ৰয়োগ কৰিলে লাহে লাহে মূৰৰ ছালৰ স্বাস্থ্য ভালে ৰখাত সহায় কৰে৷ যাৰ বাবে চুলিৰ গুৰি মজবুত, পৰিষ্কাৰ কৰে, মূৰৰ ছালত ব্ৰুন বা সংক্ৰমণ হোৱাৰ ৰোধ কৰে৷ ছালৰ পৰা অতিৰিক্ত তেল উৎপাদন বন্ধ কৰিব পাৰে৷ পানীত এচামুচ ফিটকিৰি মিহলাই ল’ব৷ এতিয়া তাত চাৰি চামুচমান গোলাপজল মিহলাই দিব৷ ে¦x বটলত ৰাখি এই মিশ্ৰণ মূৰৰ ে¦x কৰি দিব৷ ইয়াৰ পাছত মূৰটো অলপ মাছাজ কৰিব৷ কিছুসময় পাছত ধুই দিব পাৰে৷ অথবা এচামুচ ফিটকিৰিৰ গুৰিৰ সৈতে দুচামুচ উষ্ণ নাৰিকল তেল মিহলাই লওক৷ এইখিনিৰে মূৰৰ ছালখনত ভালদৰে মাছাজ কৰিব৷ আধা ঘণ্টামান অপেক্ষা কৰি তাৰ পাছত ছেম্পু কৰি মূৰটো ধুই দিব৷ সপ্তাহত এবাৰ এইদৰে কৰাৰ চেষ্টা কৰক৷