চুলি ছেম্পু কৰাৰ নিয়ম জানেনে?

0
1428
Mum hails Aldi shampoo as miracle for tackling long hair and knots - Daily Record
 চুলি তথা মূৰৰ লেতেৰা পৰিষ্কাৰ কৰিবলৈ আমি ছেম্পু ব্যৱহাৰ কৰোঁ৷ ই কোনো নতুন কথা নহয়৷ কিন্তু চুলি যেনেকে-তেনেকে ধুলেই ই পৰিষ্কাৰ নহয়৷ ইয়াৰ কিছুমান নিয়ম আছে, যিটো আমি মানি চলাটো অত্যন্ত প্ৰয়োজনীয়৷ বহুতেই চুলিখিনি অকল ছেম্পু কৰি থৈ দিয়ে, কিন্তু তেনেকুৱা কৰা উচিত নহয়৷ 

বৰঞ্চ প্ৰথমে আপোনাৰ চুলিখিনি ভালদৰে ফণিয়াই জোঁট ভাঙিব লাগে৷ ছেম্পু কৰাৰ আগত তেল দিয়াটো ভাল যদিও লেতেৰা চুলিত তেল দিলে ই অন্য সমস্যাৰহে সৃষ্টি কৰিব পাৰে৷ তাৰ পাছত চুলিখিনি ভালকৈ ভিজাই লওক৷ ইয়াৰ পাছত এটা বাটিত ছেম্পুৰ সৈতে অলপ পানী মিশ্ৰণ কৰি লওক৷ এতিয়া এই মিশ্ৰণখিনি ১৫ মিনিটমান আঙুলিৰে লাহে লাহে চুলিৰ গুৰি আৰু মূৰত ভালকৈ মাচাজ কৰক৷ এনেকৈ কৰাৰ ফলত মূৰৰ ৰক্ত সঞ্চালন বৃদ্ধি পায় লগতে চুলিৰ গুৰিও মজবুত হয়৷ ইয়াৰ পাছত চুলিখিনি ধুই পেলাওক৷ এইটো আছিল প্ৰথম পৰ্যায়৷

দ্বিতীয় পৰ্যায়ত আকৌ এবাৰ ছেম্পু কৰক৷ এইবাৰ মূৰৰ ছালত মাচাজ কৰাৰ প্ৰয়োজন নাই৷ কাৰণ অধিক মাচাজৰ ফলত চুলিৰ গুৰিত থকা চিবাম নামৰ তেল নিৰ্গত হয়৷ সেয়েহে চুলি দুবাৰকৈ ছেম্পু কৰিব লাগে৷ এতিয়া ভালকৈ চুলিখিনি ছেম্পু কৰি পৰিষ্কাৰ পানীৰে ধুই দিয়ক৷

এতিয়া তৃতীয় পৰ্যায়ত কণ্ডিশ্যনাৰৰ প্ৰয়োজন৷ আঙুলিত অলপমান কণ্ডিশ্যনাৰ লৈ চুলিখিনিত ভালকৈ মাচাজ কৰি অলপ সময় অপেক্ষা কৰক৷ মনত ৰাখিব কণ্ডিশ্যনাৰ কেতিয়াও চুলিৰ গুৰিত নলগাব৷ অন্যথা চুলিৰ গুৰি কোমল হৈ চুলি সৰাৰ সম্ভাৱনা থাকে৷ এতিয়া চুলিখিনি ধুই পেলাব৷ তাৰ পাছত এখন টাৱেলেৰে চুলিখিনিৰ পানী আঁতৰাই দিয়ক৷ ভিজা অৱস্থাত চুলি কেতিয়াও নাচুৰিব৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here