চুলিৰ যতন কেনেকৈ ল’ব?

0
2425


কিচকিচিয়া ক’লা চুলিটাৰিয়ে ব্যক্তি এজনৰ সৌন্দৰ্য ফুটাই তোলে৷ চুলি হ’ল মানুহৰ সৌন্দৰ্যৰ এটা প্ৰধান অংশ৷ প্ৰত্যেকগৰাকী পুৰুষ বা মহিলাৰ কাম্য একোছা স্বাস্থ্যৱান আৰু ঘন চুলিৰ৷ আমাৰ দৈনন্দিন জীৱনশৈলীত চুলিকোছা সযতনে ৰাখিবলৈ যথেষ্ট কষ্ট কৰিবলগীয়া হয়৷ কিন্তু পাৰিপাশ্বিৰ্ক প্ৰদূষণ, ধূলি-বালি, সঠিক পৰিচৰ্যাৰ অভাৱত চুলিটাৰি নষ্ট হৈ যায়৷ ফলত চুলি হৈ পৰে শুকান, দুৰ্বল আৰু সোনকালে সৰিবলৈ আৰম্ভ কৰে৷ এনেবোৰ সমস্যাৰ পৰা হাত সৰাৰ উপায় হিচাপে প্ৰচুৰ পৰিমাণে পানী খাব লাগে৷ চিকাকাই, শুকান তুলসীৰ পাতৰ গুড়ি আৰু দৈ একেলগে মিহলি কৰি চুলিত লগাই কিছু সময় পাছত মূৰ ধুই পেলাব লাগে৷ এনে কৰিলে চুলি উজ্জ্বল আৰু ঘন হয়৷ চুলিত কেঁচা গাখীৰ সানিলে চুলি কোমল, নমনীয় আৰু উজ্জ্বল হয়৷ কণীৰ কুহুমৰ সৈতে অলিভ অইল সানিলে চুলিৰ উজ্জ্বলতা বৃদ্ধি পায়৷ চুলিত কৰ্দৈৰ ৰস আৰু মিথি পাউডাৰৰ গুড়ি মিহলাই লগালে চুলিৰ গুৰি পৰিষ্কাৰ হয়৷ আমলখিয়ে চুলিৰ গুৰি মজবুত কৰে, চুলি ঘন কৰাৰ লগতে অকালপক্বতা দূৰ কৰে৷ ইয়াৰ বাবে আমলখিৰ গুড়ি এচামুচ নাৰিকলৰ তেলৰ লগত মিহলাই গৰম কৰি সেই তেল কুহুমীয়া হোৱাৰ পাছত চুলিত লগাব লাগে৷ আনহাতে আমলখিৰ ৰস আলমণ্ড তেলৰ লগত মিহলাই চুলিৰ গুৰিত মালিচ কৰিলে চুলি পকা বন্ধ হয়৷ জবা ফুলৰ পাত আৰু ফুল একেলগে পিচি তিল তেলৰ লগত উতলাই ঠাণ্ডা হোৱাৰ পাছত চুলিৰ গুৰিত মালিচ কৰিব লাগে৷ এটা কেঁচা পিঁয়াজৰ ৰস কেষ্টৰ অইল বা অলিভ অইলৰ লগত মিহলাই লগালে চুলি সৰা বন্ধ হয়৷ নেমুৰ ৰস আৰু এলোভেৰা জেল একেলগে মিহলাই ব্যৱহাৰ কৰিলে চুলিৰ গুৰিৰ মৰা কোষ আঁতৰ হোৱাৰ লগতে উফিৰ সমস্যাও নিৰ্মূল হয়৷ এনেদৰে বিভিন্ন উপায় অৱলম্বন কৰি আমাৰ দেহৰ সৌন্দৰ্য বঢ়োৱা চুলিটাৰি যতনাই ৰাখো আহক৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here