চুলি সৰা সমস্যা হৈছে নেকি? এতিয়া আৰু চিন্তা নাই৷ আমাৰ হাতত আছে এনেকুৱা এটা যাদুকৰী টিপছ, যাৰ ব্যৱহাৰৰ ফলত অতি সোনকালে আপোনাৰ চুলি সৰা সমস্যা নিৰাময় হ’ব৷ আৰু এই যাদুকৰী টিপছটোৱে হৈছে মধুৰিআমৰ পাতৰ চিৰাম৷
ডাৰ্মোট’লজিষ্ট ডাঃ অজয় ৰাণাৰ মতে মধুৰিআমৰ পাত ভিটামিন-B আৰু ভিটামিন-C-ৰ ভাল উৎস৷ যিয়ে চুলিৰ গ্ৰন্থিৰ বিকাশৰ বাবে প্ৰয়োজনীয় কলাজেন বৃদ্ধি কৰাত সহায় কৰে৷
(১) ইয়াত প্ৰচুৰ পৰিমাণে এণ্টিঅক্সিডেণ্ট, এণ্টিইনফ্লেমেটৰী আৰু এণ্টিমাইক্ৰবিয়েল উপাদান পোৱা যায়, যিয়ে মগজু সুস্থ তথা মূৰৰ ছাল পৰিষ্কাৰ কৰাত সহায় কৰে৷
(২) যিদৰে মধুৰিআমৰ পাতত থকা ভিটামিন-C-য়ে কলাজেন বৃদ্ধি কৰি চুলি গজাত সহায় কৰে, সেইদৰে ইয়াত থকা লাইকোপিনে সূৰ্যৰ অতিবেঙুনীয়া ৰশ্মিৰ পৰা চুলিখিনিক সুৰক্ষা প্ৰদান কৰে৷
(৩) মধুৰিআমৰ পাতত থকা এণ্টিঅক্সিডেণ্টে ফ্ৰী ৰেডিকেলৰ সৈতে যুদ্ধ কৰি চুলিখিনি সৰা তথা বেয়া হোৱাৰ পৰা বচাই ৰাখে৷
মধুৰিআমৰ পাত চুলিত কেনেদৰে ব্যৱহাৰ কৰিব:
কেইখিলামান মধুৰিআমৰ পাত এক লিটাৰ পানীত ২০ মিনিটমান উতলাই লওক৷ এতিয়া পানীখিনি চেকি লৈ ঠাণ্ডা হোৱাৰ পাছত ব্যৱহাৰ কৰিব লাগে৷ এই উপকৰণ ব্যৱহাৰ কৰাৰ আগতে চুলিখিনি পৰিষ্কাৰকৈ ধুই লওক৷ যেতিয়া আপোনাৰ চুলিখিনি সম্পূৰ্ণকৈ শুকাই যাব, তেতিয়া চু্লিখিনি দুভাগ কৰি লৈ উপকৰণবিধ মূৰৰ ছালত লগাব লাগে৷ তাৰ পাছত লাহে লাহে ১০ মিনিটমান মাচাজ কৰি দুঘণ্টামান তেনেকৈ ৰাখি কুহুমীয়া পানীৰে ধুই দিয়ক৷ গতিকে এনেদৰে কোনোধৰণৰ কেমিকেলযুক্ত প্ৰসাধন ব্যৱহাৰ নকৰাকৈ আপুনি ঘৰতে চুলি সৰা প্ৰতিৰোধ কৰিব পাৰে৷