চীনত অচিন ভাইৰাছৰ সংক্ৰমণকলৈ ভাৰততো সতৰ্কতামূলক ব্যৱস্থা

0
158


উত্তৰ চীনত অস্বাভাৱিকভাৱে নিউমোনিয়াত আক্ৰান্ত শিশুসকলৰ মাজত শ্বাস-প্ৰশ্বাসজনিত অসুস্থতাৰ ঘটনা বৃদ্ধি পাবলৈ ধৰাৰ পৰিপ্ৰেক্ষিতত কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰ্যালয়ে তৎক্ষণাৎ জনস্বাস্থ্য সষ্টমতাৰ পৰ্যালোচনা কৰিবলৈ ৰাজ্যসমূহক পৰামৰ্শ দিছে৷ এটা বিবৃতিত স্বাস্থ্য মন্ত্ৰ্যালয়ে কয় যে অতি সতৰ্কতামূলক ব্যৱস্থা হিচাপে শ্বাস-প্ৰশ্বাসৰ অসুস্থতাৰ বিৰুদ্ধে প্ৰস্তুতিমূলক ব্যৱস্থাৱলীৰ পৰ্যালোচনা কৰিবলৈ মন্ত্ৰ্যালয়ে সিদ্ধান্ত লৈছে৷ বিবৃতিটোত লগতে কোৱা হৈছে যে ইনফ্লুৱেঞ্জা হৈ থকাৰ বাবে আৰু শীতকালৰ বাবে শ্বাস-প্ৰশ্বাসজনিত অসুস্থতা বৃদ্ধি পাইছে৷ চীনৰ হোৱা এইধৰণৰ ভাইৰাছৰ সংক্ৰমণৰ বাবে ভাৰত চৰকাৰে সুক্ষ্মভাৱে পৰিস্থিতি নিৰীক্ষণ কৰি আছে আৰু লগতে জানিবলৈ দিয়ে যে শংকাৰ কোনো প্ৰয়োজন নাই৷ উল্লেখ্য যে চীনৰ উত্তৰ ভাগত এটা ৰহস্যজনক নিউমোনিয়াৰ প্ৰাদুৰ্ভাৱ হৈছে৷ এই ভাইৰাছজনিত ৰোগত বহু শিশু আৰু প্ৰাপ্তবয়স্ক লোক আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছে৷ আনহাতে বিশ্ব স্বাস্থ্য সংস্থাই চীনত হোৱা এই সংক্ৰমণৰ বিষয়ে অধিক তথ্য জনাবলৈ অনুৰোধ জনাইছে৷ বিশ্ব স্বাস্থ্য সংস্থাটোৰ মতে ইনফ্লুৱেঞ্জা, মাইক্ৰপ্লাজমা নিউমোনিয়া আৰু এছ এ আৰ এছ ক’ভ-২ ৰ সচৰাচৰ কাৰণবোৰৰ বাবে নিউমোনিয়া হয় বুলি পূৰ্বৰে পৰা কৈ অহা হৈছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here