চিগাৰেট এৰি ‘ভেপিং’! কম বয়সীয়াৰ বিপদ বঢ়াইছেহে

0
2

ধূমপানৰ নিচাৰ পৰা মুুক্তিৰ কাৰণে ই চিগাৰেটক বিকল্প হিচাপে বাছি লৈছে যুৱ প্ৰজন্মই আৰু ইয়াৰ প্ৰতি আসক্ত হৈ পৰিছে৷ কিন্তু এই অভ্যাসৰ ফলত জটিল সমস্যাইহে দেখা দিছে৷ চিগাৰেট এৰি এতিয়া ভেপিঙৰ নিচাৰ আসক্ত চহৰাঞ্চল৷ বহুতেই ধাৰণা কৰে চিগাৰেটতকৈ ভেপিং বেছি নিৰাপদ৷ আৰু এই ভ্ৰান্ত ধাৰণাক বিশ্বাসত লৈয়ে বিপদ আৰু বাঢ়িছে৷ বহু আগৰে পৰা ভেপিঙৰ অনিষ্টকাৰী দিশক লৈ ইণ্ডিয়ান কাউন্সিল অব মেডিকেল ৰিছাৰ্চ-এ সাৱধান কৰি দিছে৷ সমীক্ষাত জনাইছে যে ধূমপানৰ নিচাৰ পৰা মুক্তিৰ কাৰণে ই চিগাৰেট বিকল্প হিচাপে বাছি ল’লেও ইয়াৰ অনিষ্টকাৰী গুণ বহুত বেছি৷ সাধাৰণ চিগাৰেটৰ বিকল্প এই ইলেকট্ৰনিক নিকোটিন ডেলিভাৰী ছিষ্টেম বা ইলেকট্ৰনিক চিগাৰেট ব্যৱহাৰ কৰে বহুতেই৷ ফাইবাৰ বা প্লাষ্টিকেৰে তৈয়াৰী এই বেটেৰীচালিত যন্ত্ৰৰ মাজত এটা প্ৰকোষ্ঠ থাকে৷ তাত বিশেষ ধৰণৰ তলৰ ভৰোৱা থাকে৷ যাক কোৱা হয় ই লিকুইড৷ এই তৰলক গৰম কৰি বাষ্পীভূত কৰি প্ৰস্তুত হয় এৰোচল৷ ইয়াৰ বিভিন্ন ৰাসায়নিক মিহলি হৈ থাকে৷ এই বাষ্প মুখেৰে হুপিলে সেই ৰাসায়নিক শৰীৰৰ ভিতৰত প্ৰৱেশ কৰি জটিল ৰোগৰ কাৰণ হ’ব পাৰে৷ আনকি কেঞ্চাৰৰ দৰে মাৰাত্মক ৰোগৰো কাৰণ হৈ উঠিব পাৰে৷ উল্লেখ্য যে ই চিগাৰেটৰ ই লিকুইডত প্ৰ’পিলিন গ্লাইকল, ফ্লেভাৰিং কেমিকেল, ডায়াছিটাইল, এচিটোন, এচিটাইডিহাইড, বেঞ্জিন, ফৰমেলডিহাইডৰ দৰে ৰাসায়নিক থাকে, যি শিল্প কাৰখানাত ব্যৱহাৰ কৰা হয়৷ এইবোৰ উপাদানে হাঁওফাঁওক সাংঘাতিক ক্ষতি কৰে৷ এই সকলোবোৰ ৰাসায়নিকৰ বাবে কোষৰ ক্ষতি হয়, ডি এন এ মিউটেশ্যন হ’ব পাৰে৷ ইয়াৰ উপৰি ই চিগাৰেটত থাকে ভোলোটাইল অৰ্গানিক কম্পাউণ্ড যেনে– অয়াক্ৰোলিন এই ৰাসায়নিক শৰীৰৰ বাবে বিষতুল্য৷ ভিটামিন-ই এচিটেটেৰ দৰে যৌগও থাকে, যি হাৰ্টৰ কাৰণে ক্ষতিকাৰক৷ ই চিগাৰেট খোৱাৰ অভ্যাসৰ ফলত স্নায়ৱিক ৰোগ, কেঞ্চাৰৰ দৰে জটিল ৰোগো দেখা দিব পাৰে৷ ই চিগাৰেটে কম বয়সীয়াসকলৰ ব্ৰংকিয়োলাইটিছ, পপকৰ্নৰ দৰে ৰোগ বাঢ়িছে৷ ইয়াৰ ফলত শ্বাসকষ্ট, হাঁপানি, সমস্ত শৰীৰৰ কঁপনি, জ্বৰ, বমি ভাব, শৰীৰৰ প্ৰচণ্ড দুৰ্বলতাই দেখা দিব পাৰে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here