চাইকেল চলাই থকা অৱস্থাত ইজৰাইলৰ এজন ১২ বছৰীয়া ল’ৰাক এখন গাড়ীয়ে খুন্দিওৱাত ল’ৰাজনৰ মূৰটো ভিতৰি ডিঙিৰ পৰা বিচ্ছিন্ন হৈ যায়৷ কিন্তু ইজৰাইলৰ চিকিৎসকসকলে এটা অতি অগতানুগতিক আৰু জটিল অস্ত্ৰোপচাৰ কৰি ল’ৰাজনৰ মূৰটো তেওঁৰ ডিঙিৰ সৈতে পুনৰ সংলগ্ন কৰি দিবলৈ সক্ষম হ’ল৷ অস্ত্ৰোপচাৰটোক সকলোৱে বিস্ময়কৰ বুলি অভিহিত কৰিছে৷ ছুলেইমান হাছান নামৰ ল’ৰাজনক গাড়ীখনে খুন্দিওৱাৰ পাছত তেওঁৰ মূৰ বা লাওখোলাটো তেওঁৰ ডিঙিৰ ওপৰভাগৰ ৰাজহাড়ৰ একেবাৰে প্ৰথম কশেৰুকাৰ [ভাৰটিব্ৰে] পৰা অভ্যন্তৰীণভাৱে বিচ্ছিন্ন হৈ পৰে৷ লগে লগে তেওঁক হাদাচ্ছাহ মেডিকেল চেণ্টাৰলৈ বিমানেৰে নিয়া হয় আৰু জৰুৰী অস্ত্ৰোপচাৰ কৰা হয়৷ চিকিৎসকসকলে কয় যে ছুলেইমানৰ মূৰটো তেওঁৰ ডিঙিৰ পৰা সম্পূৰ্ণৰূপে বিচ্ছিন্ন হৈ গৈছিল৷ কেইবাঘণ্টাৰ অস্ত্ৰোপচাৰৰ পাছত তেওঁৰ মূৰটো ডিঙিটোৰ সৈতে পুনৰ সংলগ্ন কৰা হয়৷ তেওঁক অস্ত্ৰোপচাৰ কৰা চিকিৎসকসকলে কয় যে এইটো এটা বিস্ময়তকৈ একো কম নহয়, কাৰণ তেওঁৰ জীয়াই থকাৰ সম্ভাৱনা ৫০ শতাংশহে আছিল৷ যোৱা মাহতে অস্ত্ৰোপচাৰটো কৰা হয় যদিও এতিয়াহে চিকিৎসকসকলে প্ৰকাশ কৰিছে৷ ‘দ্য টাইম্ছ অব্ ইজৰাইল’ত এই বাতৰি প্ৰকাশ পাইছে৷