চাহ সেৱন কৰি মন সতেজ কৰোঁ আহক

0
1978


চাহ– পানীৰ পাছতে চাহ হৈছে বিশ্বৰ আটাইতকৈ বেছি সেৱন কৰা পানীয়৷ ই সুগন্ধিযুক্ত আৰু সোৱাদ-বিশিষ্ট৷ চাহৰ আৰম্ভণি কেতিয়াৰ পৰা হৈছিল, তাৰ সবিশেষ ঐতিহাসিক তথ্য বিচাৰি পোৱা নাযায়৷ সন্দেহ নাই যে ভাৰতবৰ্ষত চাহ উৎপাদন প্ৰক্ৰিয়া আৰম্ভ হৈছিল ব্ৰিটিছৰ প্ৰত্যক্ষ পৃষ্ঠপোষকতাত৷ চাহৰ ইংৰাজী প্ৰতিশব্দ টী [tea] চীনা ভাষাৰ শব্দ৷ বৰ্তমানৰ টাইৱান দ্বীপৰ বিপৰীতে থকা ফুকিয়ান প্ৰদেশত চাহক টী [tea] বুলিছিল৷ কম-বেছি পৰিমাণে প্ৰায় সৰহসংখ্যক ব্যক্তিয়ে চাহ সেৱন কৰে৷ চাহে আমাৰ শৰীৰৰ অৱসাদ দূৰ কৰাৰ লগতে ই মন সতেজ কৰি ৰাখে৷ বিভিন্ন প্ৰকাৰৰ চাহ বজাৰত উপলব্ধ৷ যেনে– ব্লেক টী, হোৱাইট টী, গ্ৰীন টী, হাৰ্বেল টী, ব্ৰীক টী, ওলং টী, লেমন টী ইত্যাদি৷ চাহত এনে এক ৰাসায়নিক পদাৰ্থ নিহিত হৈ থাকে, যিয়ে আমাৰ শৰীৰৰ কেঞ্চাৰ, হাই কলেষ্টৰেল, লিভাৰ, হাৰ্টৰ অসুখ নিৰাময়ত ভালেখিনি সহায় কৰে৷ ভিটামিন-ই সমৃদ্ধ খাদ্যসমূহতকৈও বেছি ৰোগ প্ৰতিৰোধ ক্ষমতা থাকে চাহৰ লগত থকা ৰাসায়নিক পদাৰ্থবিধৰ৷ সাধাৰণতে চাহ যেতিয়াই ইচ্ছা তেতিয়াই খাব পাৰি, তথাপিও বেড টী আৰু ৰাতি শোৱাৰ আগত চাহ খোৱা অভ্যাসৰ পৰা নিজকে বচাই ৰখাটো ভাল৷ ৰাতি শোৱাৰ আগতে চাহ খালে নিদ্ৰাহীনতাত ভুগিব পাৰে৷ আধা ঘণ্টাৰ অধিক সময় আগতে বনাই থোৱা চাহ পুনৰ গৰম কৰি খোৱাটো সঠিক নহয়৷ এবাৰ উতলোৱা চাহপাত বাৰে বাৰে উতলাই চাহ খোৱাটো আৰু অধিক হানিকাৰক৷ ইয়াৰ ফলত চাহত বিষাক্ত দ্ৰব্য সৃষ্টি হ’বলৈ আৰম্ভ কৰে৷ চাহত থকা এলথিয়েনাইন এমিন’ এচিডে মস্তিষ্কক অধিক সচেতন আৰু শান্ত কৰি ৰাখে৷ দিনত তিনিৰ পৰা চাৰি কাপ চাহ খালে ছালৰ কেঞ্চাৰৰ পৰা বাচিব পাৰি৷ চাহে দেহৰ ওজন কমোৱাত সহায় কৰে৷ ই দেহৰ হাড়বোৰক সুৰক্ষা প্ৰদান কৰে৷ চকু জ্বলা-পোৰা কৰিলে ভিজা ‘টী বেগ’ বিশ মিনিটমান লগালে চকুৰ পোৰণিৰ পৰা উপশম পাব পাৰি৷ কটা-পোৰা ঠাইত চাহপাত তিয়াই লগালে সংক্ৰমণ নহয়৷ ছানবাৰ্ন হোৱা ঠাইত চাহপাতৰ পানী লগালে আৰাম পোৱা যায়৷ ৰাতিপুৱা বাতৰিকাকতখনৰ স’তে চাহ একাপ সেৱন কৰাৰ মাদকতাই সুকীয়া৷ প্ৰণিধানযোগ্য যে চিকিৎসকসকলে গাখীৰ দিয়া চাহতকৈ ফিকা চাহ বা ৰঙা চাহ সেৱন কৰাতহে অধিক গুৰুত্ব দিয়ে৷ পুৱা খালী পেটত গাখীৰ চাহ খোৱাটো একেবাৰে অনুচিত৷ সেয়েহে আহক প্ৰকৃতিয়ে প্ৰদান কৰা এনে এক ঔষধি গুণসম্পন্ন চাহগছ তথা চাহপাতৰ গুৰুত্ব বুজি পুৱা-গধূলি একাপ ফিকা চাহ খোৱাৰ অভ্যাস গঢ়ি তোলোঁ৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here