চাহ কৰি চাহপাত পেলাই দিয়ে নেকি ? Don’t throw away the residue after making tea

0
1367
পুৱা শুই উঠিয়েই চাহকাপ নহ’লে যেন নচলেই৷ চাহকাপে আমাক দিনটোৰ কাৰণে সতেজ আৰু সক্ৰিয় কৰি তোলে৷ পিছে প্ৰায়ে আমি চাহকাপ বনাই উঠি সিদ্ধ চাহপাতখিনি পেলাই দিওঁ৷ কিয়নো আমি ভাবোঁ যে চাহকাপ চেকি দিয়াৰ পাছত চাহপাতৰ একো কাম নাথাকে৷ কিন্তু এই সিদ্ধ চাহপাতৰ গুণৰ কথা জানিলে হয়তো আপুনিও আজিৰ পৰা চাহপাত পেলাই দিয়াৰ ভুল নকৰিব৷

(১) শৰীৰৰ কোনো অংশত কটা-ছিঙা হ’লে সিজোৱা চাহপাত লগালে তেজ বন্ধ হয় আৰু ঘা সোনকালে শুকায়৷

20+ Unexpected Uses for Green Tea and Matcha That Save the Day - Small Joys


(২) সিজোৱা চাহপাতক গছ-গছনিৰ সাৰ হিচাপে ব্যৱহাৰ কৰিব পাৰি৷ ইয়াৰ বাবে চাহপাত পানীত সিজাই লৈ ৰ’দত শুকুৱাই সাৰ হিচাপে ব্যৱহাৰ কৰিলে গছ-গছনিৰ শ্ৰীবৃদ্ধি হয়৷

5 Ways To Reuse And Recycle Your Tea Leaves – Prana Chai


(৩) টী বেগ গৰম পানীত ভিজাই চকুত দিলে চকুৰ ডাৰ্ক চাৰ্কল, চকু ৰঙা পৰা, চকু ফুলা আদি সমস্যা নিৰাময় হয়৷

Tea bags for eyes: Benefits and how to use


(8) চাহপাত সিজোৱা পানীৰে মূৰ ধুলে ই কণ্ডিশ্যনাৰৰ দৰে কাম কৰে৷ অৱশ্যে চাহপাতৰ পানী ব্যৱহাৰ কৰাৰ আগতে চুলিত ছেম্পু কৰাটো জৰুৰী৷

With Tea grow glowing hair


(৫) সিজোৱা চাহপাত ঘৰৰ আচবাব, আইনা আদি চাফা কৰাটো কাৰ্যকৰী৷ ইয়াৰ বাবে সিজোৱা চাহপাতৰ পানীখিনি এটা spray বটলত ভৰাই আচবাব চাফা কৰিলে সুফল পোৱা যায়৷

How to Clean Windows, Step by Step with Photos | Apartment Therapy

LEAVE A REPLY

Please enter your comment!
Please enter your name here