চাহ-কফি, ডাবৰ পানী এইদৰে খালে হয় বিষ

0
104

আপুনি চাহ বা কফি প্ৰেমী নেকি? ৰাতি বা দিনৰ খাদ্য খোৱাৰ আগে-পাছে অথবা যিকোনো সময়তে চাহ বা কফি খোৱা অভ্যাস বহুতৰে আছে৷ আচলতে বহুতো লোকে দুপৰীয়া বা ৰাতিৰ খোৱাৰ আগতে একাপ চাহ খাই লোৱাৰ ৰীতি আছে৷ তেওঁলোকে ভাবে যে চাহকাপ খাই লোৱাৰ পাছত খাদ্য হজম হোৱাৰ সহায় কৰে৷ আনহাতে কিছু্‌ৱে আকৌ চাহকাপ নোখোৱাকৈ পেটলৈ ভাতেই নাযায়৷ খাদ্য খোৱাত অসম্পূৰ্ণ বোধ কৰে চাহকাপ অবিহনে৷ কিন্তু লাঞ্চ বা ডিনাৰৰ সৈতে চাহ বা কফি খোৱাটো আপোনাক বিপদত পেলাব পাৰে৷ ক্ৰমে আপোনাৰ শৰীৰত ৰক্তাপ্লতাৰ অভাৱ ঘটাব পাৰে৷ এই সতৰ্কতা জাৰি কৰিছে ইণ্ডিয়ান কাউন্সিল অব মেডিকেল ৰিছাৰ্চ বা আই চি এম আৰে৷ সম্প্ৰতি সংস্থাটোৱে ভাৰতীয়সকলৰ খাদ্যাভ্যাসক লৈ সোতৰটা নিৰ্দেশিকাৰ এখন তালিকা প্ৰকাশ কৰিছে৷ এই তালিকাত স্বাস্থ্যকৰ জীৱন-যাপনৰ লগতে সুষম তথা বৈচিত্ৰ্যময় খাদ্যাভ্যাসৰ ওপৰত বিশেষ নজৰ দিয়া হৈছে৷ আই চি এম আৰে চাহ বা কফিত থকা কেফেইনক লৈ সতৰ্কতা জাৰি কৰিছে৷ এই দুই জনপ্ৰিয় পানীয়ত কেফেইন থাকে৷ ১৫০ মিলিগ্ৰাম কফিত ৮০ ৰ পৰা ১২০ মিলিগ্ৰাম কেফেইন পোৱা যায়৷ অৰ্থাৎ কফিত ৫০-৬৫ মিলিগ্ৰাম আৰু চাহত ৩০-৬৫ মিলিগ্ৰাম কেফেইন থাকে৷ আই চি এম আৰে জনোৱা মতে প্ৰতিদিনে ৩০০ মিলিগ্ৰামৰ বেছি কেফেইন গ্ৰহণ কৰাটো উচিত নহয়৷ কাৰণ কেফেইন মানৱ দেহৰ কেন্দ্ৰীয় স্নায়ুতন্ত্ৰক উদ্দীপিত কৰি তোলে৷ সেয়ে খাদ্য খোৱাৰ এঘণ্টা আগত বা এঘণ্টা পাছতহে চাহ বা কফি খোৱা উচিত৷ ইয়াৰ উপৰি এই পানীয়ত টেনিন নামৰ একধৰণৰ যৌগ থাকে৷ পৰিপাকতন্ত্ৰত আইৰনৰ সৈতে যোগ হৈ টেনিনে ভিন্ন যৌগ গঠন কৰে৷ তাৰ পৰা আইৰন শোষণ কৰা শৰীৰৰ বাবে কঠিন হৈ পৰে৷ সেয়ে টেনিনৰ প্ৰভাৱৰ বাবে শৰীৰৰ আইৰন শোষণৰ পৰিমাণ কমি যায়৷ সেয়ে আপুনি গ্ৰহণ কৰা খাদ্যৰ পৰা আপোনাৰ দেহত যিমান আইৰন পায়, খোৱাৰ আগতে চাহ বা কফি খোৱাৰ ফলত শৰীৰত টেনিন প্ৰৱেশ কৰাৰ ফলত সেই পৰিমাণৰ আইৰন নাপায়৷ দীৰ্ঘদিন এই অভ্যাস বৰ্তাই ৰাখিলে আপোনাৰ শৰীৰত আইৰনৰ পৰিমাণ কমি যায়৷ আনহাতে তেজৰ অন্যতম উপাদান হিমগ্লবিন প্ৰস্তুত কৰাৰ বাবে আইৰন অপৰিহাৰ্য৷ সেয়ে শৰীৰত আইৰনৰ মাত্ৰা কমি গ’লে শৰীৰত তেজৰ অভাৱ ঘটে৷ আই চি এম আৰে জনোৱা মতে গাখীৰ অবিহনে চাহ খোৱা ভাল৷ এই ক্ষেত্ৰত ৰক্ত সঞ্চালন বাঢ়ে তথা কৰোনাৰী আৰ্টাৰি ডিজিজ তথা পাকস্থলীৰ কেঞ্চাৰৰ পৰা হাত সাৰিব পাৰি৷ কফি, চাহৰ সেৱনৰ ক্ষেত্ৰত দিয়া নিৰ্দেশিকাৰ উপৰি আই চি এম আৰে ভাৰতীয়ৰ খাদ্য তালিকাক লৈ আৰু কিছুমান পৰামৰ্শ প্ৰদান কৰিছে৷ তেল কম পৰিমাণে খোৱা, ফল-মূল, শাক-পাচলি, গোটা শস্য, চৰ্বিহীন মাংস বা সামুদ্ৰিক খাদ্য সমৃদ্ধ গ্ৰহণৰ নিৰ্দেশ দিছে৷ প্ৰ’টিন ছাপ্লিমেণ্ট এৰাই চলা, খাদ্যত সীমিত পৰিমাণে চেনি আৰু নিমখ খোৱা পৰামৰ্শও আগবঢ়াইছে৷ আনহাতে হাইপাৰকেলেমিয়া, অৰ্থাৎ তেজত পটাচিয়ামৰ মাত্ৰা স্বাভাৱিকতকৈ বেছি থাকিলে নাৰিকলৰ পানী নাখাবলৈ নিৰ্দেশ দিয়া হৈছে৷ ব্যায়াম কৰাৰ আগতে ডাক্তৰৰ পৰামৰ্শ ল’বলৈও কৈছে আই চি এম আৰে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here