চাহপাত পেলাই নিদিব এইবোৰ কামত লগাওক

0
65

পুৱা শুই উঠিয়েই চাহকাপ নহ’লে যেন নচলে৷ চাহকাপে আমাক দিনটোৰ কাৰণে সতেজ আৰু সক্ৰিয় কৰি তোলে৷ পিছে প্ৰায়ে আমি চাহকাপ বনাই উঠি সিদ্ধ চাহপাতখিনি পেলাই দিওঁ৷ কিয়নো আমি ভাবোঁ যে চাহকাপ চেকি দিয়াৰ পাছত চাহপাতৰ একো কাম নাথাকে৷ কিন্তু এই সিদ্ধ চাহপাতৰ গুণৰ কথা জানিলে হয়তো আপুনিও আজিৰ পৰা চাহ কৰি চাহপাত পেলাই দিয়াৰ দৰে ভুল নকৰিব৷ শৰীৰৰ কোনো অংশত কটা-ছিঙা হ’লে সিজোৱা চাহপাত লগালে তেজ বন্ধ হয় আৰু ঘা সোনকালে শুকায়৷ সিজোৱা চাহপাতক গছ-গছনিৰ সাৰ হিচাপে ব্যৱহাৰ কৰিব পাৰি৷ ইয়াৰ বাবে চাহপাত পানীত সিজাই লৈ ৰ’দত শুকুৱাই সাৰ হিচাপে ব্যৱহাৰ কৰিলে গছ-গছনিৰ শ্ৰীবৃদ্ধি হয়৷ টী বেগ গৰম পানীত ভিজাই চকুত দিলে চকুৰ ডাৰ্ক চাৰ্কল, চকু ৰঙা পৰা, চকু ফুলা আদি সমস্যা নিৰাময় হয়৷ চাহপাত সিজোৱা পানীৰে মূৰ ধুলে ই কণ্ডিশ্যনাৰৰ দৰে কাম কৰে৷ অৱশ্যে চাহপাতৰ পানী ব্যৱহাৰ কৰাৰ আগতে চুলিত ছেম্পু কৰাটো জৰুৰী৷ সিজোৱা চাহপাত ঘৰৰ আচবাব, আইনা আদি চাফা কৰাটো কাৰ্যকৰী৷ ইয়াৰ বাবে সিজোৱা চাহপাতৰ পানীখিনি এটা স্প্ৰে বটলত ভৰাই আচবাব চাফা কৰিলে সুফল পোৱা যায়৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here