বহুতেই চোৰে কৰি কৰি নিয়া মোবাইল ফোন কম দামতে বিক্ৰী কৰি ব্যৱহাৰ কৰে৷ কিন্তু এতিয়াৰ পৰা চোৰে সাৱধান হ’বৰ হ’ল৷ কিয়নো এই সমস্যা সমাধানৰ দিশত আগবাঢ়িছে ভাৰতীয় দূৰসংযোগ বিভাগ৷ বিভাগে পৰীক্ষামূলকভাৱে হাতত লোৱা এক প্ৰণালী সমগ্ৰ দেশতে কাৰ্যকৰী কৰিব৷ ইয়াৰ পাছত চোৰে চুৰ কৰি নিয়া মোবাইল ফোন ব্যৱহাৰ কৰিব নোৱাৰিব আৰু ইয়াত থকা যিকোনোকোম্পানীৰ ছিম কাৰ্ডে কাম নকৰিব৷ দূৰসংযোগ বিভাগে চেণ্ট্ৰেল এক্সপেৰিমেণ্ট আইডেনটিটি ৰেজিষ্টি˜ চমুকৈ চি আই ই আৰ আৰম্ভ কৰিছে৷ ইয়াত সকলো মোবাইল অপাৰেটৰৰ আই এম ই আই ডাটাবেজ পঞ্জীয়ন কৰা হ’ব৷ এই ডাটাবেজে চুৰ কৰা মোবাইল ব্লেকলিষ্টেড কৰাত সহায় কৰিব৷ বিভিন্ন ব্ৰেণ্ডে বজাৰত বিক্ৰী কৰা সকলো মোবাইল চি আই ই আৰত পঞ্জীয়ন হৈ থাকিব৷ ইয়াৰ উদ্দেশ্য হ’ল আই এম ই আই নম্বৰ নথকা আৰু চুৰ কৰা মোবাইলৰ ব্যৱহাৰ ৰোধ কৰা৷ এতিয়া চি আই ই আৰ সমগ্ৰ দেশতে আৰম্ভ কৰা হ’ব৷ কোনো ব্যৱহাৰকাৰীৰ ফোন হেৰালে তেওঁ ceir.gov.in ৱেবপৰ্টেলত গৈ আই এম ই আই নম্বৰ ব্লক কৰিবলৈ অনুৰোধ জনাব পাৰিব৷ ইয়াৰ বাবে মোবাইলৰ ক্ৰয়ৰ ৰছিদ, মোবইলৰ তথ্য আৰু আই ডি প্ৰুফ, আৰক্ষীক দিয়া এজাহাৰৰ কফিৰ প্ৰয়োজন হ’ব৷ ৱেবপৰ্টেলত এই তথ্য দিয়াৰ পাছত চুৰি হোৱা মোবাইলটো ব্লেকলিষ্টেড কৰাৰ বাবে অনুৰোধ জনাব লাগিব৷ এবাৰ ব্লেকলিষ্টেড কৰাৰ পাছত ভাৰতত কোনো ঠাইতে ইয়াক ব্যৱহাৰ কৰিব নোৱাৰিব৷ ফোন ঘূৰাই পালে উক্ত ৱেবছাইটত গৈ আনব্লক কৰাৰ বাবে অনুৰোধ জনাব লাগিব৷