চাবোনৰ বিকল্প বডী ৱাছৰ লাভালাভ জানো আহক

0
25

বগা, ৰঙা, কমলা কতধৰণৰ চাবোনেৰে গা ধোৱাৰ পাছত এটা সময়ত চাবোনেৰে গা ধুবলৈ মন নোযোৱা হয়৷ তাৰ পৰিৱৰ্তে বডী ৱাছেৰে গা ধোৱাৰ ইচ্ছা জাগে৷ অৰ্থাৎ চাবোনৰ বিকল্প হিচাপে বডী ৱাছক নিৰ্বাচন কৰা হয়৷ চাবোন আছিল এটা সময়ত শৰীৰটো পৰিষ্কাৰ-পৰিচ্ছন্নকৈ ৰখাৰ প্ৰধান উপকৰণ৷ সময়ত লগে লগে চাবোনক বাদ দি বডী ৱাছক আঁকোৱালি লোৱা হ’ল৷ ছালখন পৰিচৰ্যাৰ বাবে বডী ৱাছৰ ব্যৱহাৰ বাঢ়িবলৈ ধৰিলে৷ এতিয়া কথা হ’ল চাবোন বিকল্প হিচাপে ছালখনৰ পৰিচৰ্যাৰ বাবে নিৰ্বাচন কৰা বডী ৱাছ চাবোনতকৈ শ্ৰেষ্ঠ হয়নে? বিশেষজ্ঞই কোৱা মতে চাবোনৰ গাত ই-কোলি, ছালমোনেলা, চিগেলাৰ আদিৰ দৰে বেক্টেৰিয়া থাকিব পাৰে৷আনহাতে নোৰো ভাইৰাছ, ৰোটা ভাইৰাছৰ দৰে অণুজীৱো চাবোনৰ গাত থাকিব পাৰে৷ আনহাতে বিভিন্ন সময়ত দেখা যায় যে চাবোন ব্যৱহাৰ কৰাৰ ফলত ছালখন শুষ্ক হৈ যায়৷ কিয়নো চাবোনত ছডিয়াম লৰেল ছালফেট নামৰ এক ৰাসায়নিক থাকে, যিয়ে ছাল শুষ্ক কৰাত অৰিহণা যোগায়৷ শৰীৰৰ কোনো অংশত কটা-ছিঙা বা ঘা থাকিলে এই ধৰণৰ ভাইৰাছ বা বেক্টেৰিয়াই চাবোনৰ দ্বাৰা সংক্ৰমিত হৈ শৰীৰৰ ক্ষতি কৰিব পাৰে৷ ২০১৫ চনত আমেৰিকাৰ জাৰ্নাল অব ইনফেকশ্যন কণ্ট্ৰলৰ এটা গৱেষণাত হস্পিটেলখনত ব্যৱহাৰ কৰা অধিকাংশ চাবোনতে জীৱাণু ধৰা পৰিছিল৷ আনহাতে ২০০৬ চনত ইণ্ডিয়ান জাৰ্নাল অব ডেণ্টেল ৰিছাৰ্চে কৰা এটা ৰিপ’ৰ্ট অনুযায়ী গা ধোৱাৰ পাছত চাবোনত পাচ ধৰণৰ জীৱাণুৰ অস্তিত্ব পোৱা গৈছিল৷ সেয়ে মইশ্বৰাইজিং বৈশিষ্ট্যৰ কাৰণে বডী ৱাছ সাধাৰণতে বেছি সংবেদনশীল তথা শুষ্ক ছালৰ কাৰণে উপযোগী বুলি ধৰা হয়৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here