যোৱা দুটা দশক ধৰি সমগ্ৰ বিশ্বতে কৰ’না ভাইৰাছে বিভীষিকাৰ সৃষ্টি কৰিছিল৷ এই ভাইৰাছে মানৱ সমাজক সম্পূৰ্ণ বিধবস্ত কৰি পেলাইছিল৷ সামাজিক, অৰ্থনৈতিক, শাৰাৰিক আদি সকলো দিশতে মানৱ সমাজ ভাঙি পৰিছিল৷ মূলতঃ এই কৰ’না ভাইৰাছৰ উৎপত্তি হৈছিল চীন দেশৰ য়ুহান প্ৰদেশৰ এটা গৱেষণাগাৰৰ পৰা৷ ইতিমধ্যে আমেৰিকাৰে ধৰি বিশ্বৰ গৱেষক, বিজ্ঞানী মহলে সেইটো প্ৰমাণ কৰিছে৷ চীনৰে এজন গৱেষকে চীনৰ এই ষড়যন্ত্ৰৰ তথ্য সত্য বুলি প্ৰমাণিত কৰিলে৷ শেহতীয়াভাৱে চীনত য়ুহান প্ৰদেশৰ এজন গৱেষকে দাবী কৰিছে যে চীনে এক জৈৱিক অস্ত্ৰ হিচাপে ইচ্ছাকৃতভাৱে কৰ’না ভাইৰাছৰ সৃষ্টি কৰিছিল৷ বিশ্বজুৰি কৰ’না ভাইৰাছৰ সংক্ৰমণ সন্দৰ্ভত চীনা গৱেষক চাও ছানে উল্লেখ কৰিছে যে চীন চৰকাৰে তেওঁক আৰু তেওঁৰ সহযোগীসকলক আটাইতকৈ বিপজ্জনক কৰ’না ভাইৰাছ চিনাক্ত কৰা কামত নিয়োগ কৰিছিল৷ য়ুহান ইনষ্টিটিউট অব্ ভাইৰ’লজিৰ গৱেষক চাও ছানে¸ এটা সাক্ষাৎকাৰত উল্লেখ কৰা মতে তেওঁক কৰ’না ভাইৰাছত চাৰিটা প্ৰকৰণ দিয়া হৈছিল৷ এই চাৰিটাৰ ভিতৰত আটাইতকৈ বিপজ্জনক আৰু সমগ্ৰ বিশ্বত বিয়পাই দিব পৰা প্ৰকৰণটোক চিনাক্ত কৰিবলৈ দিয়া হৈছিল৷ গৱেষকজনে লগতে উল্লেখ কৰে যে চীনত উৎপত্তি হোৱা কৰ’না ভাইৰাছ আচলতে চীনে প্ৰস্তুত কৰা জৈৱিক অস্ত্ৰ আছিল৷