আেআেআমেৰিকাৰ প্ৰতিৰক্ষা বিভাগ পেণ্টাগনে ইউ এফ অ’, উৰন্ত শিখা তথা আন গ্ৰহৰ প্ৰাণীৰ সম্পৰ্কত এক চাঞ্চল্যকৰ তথ্য আগবঢ়াইছে৷ পেণ্টাগনৰ অল ডমেইন এন’মলি ৰিজলিউছন অফিচৰ মুৰববী ছিন কিৰ্কপেট্ৰিক আৰু হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়ৰ আব্ৰাহাৰ লোবোৱে ইউ এফ অ’ সম্পৰ্কত কৰা গৱেষণাৰ তথ্য প্ৰকাশ পাইছে৷ অৱশ্যে তেওঁলোকে কৰা অধ্যয়নৰ বিশে¡ষণ এতিয়াও বাকী আছে৷ কিৰ্কপেট্ৰিকৰ মতে আমাৰ সৌৰজগতৰ কোনো স্থানত হয়তো অন্য গ্ৰহৰ প্ৰাণীৰ এখন মাদাৰশ্বিপ বা বৃহৎ জাহাজ আছে৷ এই জাহাজখনৰ পৰা অহা সৰু সৰু বস্তুৱে আমাৰ গ্ৰহ পৃথিৱীৰ লগতে অন্য গ্ৰহও ভ্ৰমণ কৰে৷ তেওঁৰ মতে এক আৰ্টিফিচিয়েল ইণ্টাৰছেলাৰ অবজেক্ট থাকিব পাৰে, যি পৃথিৱীৰ কাষ চপাৰ আগতে বিভিন্ন সৰু সৰু বস্তুৰে পৰীক্ষা-নিৰীক্ষা কৰে৷ তেওঁলোকে কৰা অধ্যয়নৰ খচৰা প্ৰতিবেদনৰ পৰা এই কথা জানিব পৰা গৈছে৷ চূড়ান্ত প্ৰতিবেদনখন এই বছৰৰ মাজভাগত প্ৰকাশ পোৱাৰ সম্ভাৱনা আছে৷