Beauty PlusFitness PlusHealth NaturallyHealth Talksচাইকেলৰ পেডেলত লুকাই আছে দীৰ্ঘায়ু হোৱাৰ চাবিকাঠীBy Health Plus - August 16, 202502Facebook Twitter Pinterest WhatsApp সভ্যতা আগুৱাই গৈছে৷ মানুহৰ মাজৰ বাঢ়িছে জীয়াই থকাৰ সংগ্ৰাম৷ জীৱনশৈলীৰ পৰিৱৰ্তন, কষ্ট সহিব নোৱৰা গুণ, কৰ্মবিমুখতাই মানসিক চাপ বৃদ্ধিৰ লগতে বিভিন্ন ৰোগে দেহত থিতাপি লৈছে৷ আনহাতে সুস্থ জীৱন ধাৰা চাপমুক্ত জীৱন তথা দীৰ্ঘায়ু হোৱাৰ চাবিকাঠী৷ সেয়ে জীৱন প্ৰণালীৰ পৰিৱৰ্তন তথা নৈমিত্তিক কিছু কামে জীৱন সুন্দৰ, নিৰোগী, চাপমুক্ত কৰাত সহায় কৰে৷ এইবোৰৰ ভিতৰত চাইকেল চালনা অন্যতম৷ চাইকেল চালনাৰ ফলত শৰীৰ তথা মনৰ প্ৰভূত উপকাৰ হয়৷ চাইকেল চলোৱা অভ্যাসে শৰীৰটো নিৰোগী কৰি ৰাখিব পাৰে৷ সম্প্ৰতি ফিট ইণ্ডিয়া ছানডেজ অন চাইকেল সংক্ৰান্ত এক অনুষ্ঠানত যোগ দি কেন্দ্ৰীয় ক্ৰীড়ামন্ত্ৰী মনসুখ মণ্ডাভিয়াই চাইকেল চালনা প্ৰতিনিয়ত কৰাৰ আহ৩ান জনাইছে৷ চাইকেল চালনাৰ অভ্যাসে কেৱল শাৰীৰিক স্বাস্থ্য ধৰি ৰখাই নহয়, চৰিত্ৰ গঠনতো সহায় কৰে৷ পৰিৱেশৰ সামগ্ৰিক স্বাস্থ্যও ভালে ৰাখে চাইকেল চালনাৰ অভ্যাসে৷চাইকেল চলোৱাৰ ফলত কাৰ্ডিঅ’ভাস্কুলাৰ কাৰ্যক্ৰম ভাল হয়৷ ইয়াৰ ফলত শক্তিশালী হয় হূদযন্ত্ৰ, ৰক্ত সঞ্চালন স্বাভাৱিক থাকে৷ হূদৰোগৰ সম্ভাৱনা কমি যায়৷ ৰক্তচাপ নিয়ন্ত্ৰণত থাকে৷ বেয়া কলেষ্টৰেলৰ মাত্ৰা কমাই ভাল কলেষ্টৰেল মাত্ৰা বঢ়াই দিয়ে৷দৈনিক চাইকেল চলোৱাৰ অভ্যাসে হাৰ্ট শক্তিশালী কৰাত সহায় কৰে৷ মনৰ জোৰ বৃদ্ধি হয়৷ মানসিকভাৱে যথেষ্ট শক্তিশালী হোৱাত চাইকেল চলোৱাই সহায় কৰে৷চাইকেল চালনাই কেলৰি বাৰ্ন কৰাৰ লগতে শৰীৰৰ অতিৰিক্ত চৰ্বি কমাত সহায় কৰে৷ চাইকেল চলালে প্ৰতিঘণ্টাত প্ৰায় তিনিশৰ পৰা ছয়শ কেলৰি বাৰ্ন হয়৷চাইকেল চলালে শৰীৰৰ বৃদ্ধি হোৱা ওজন কমাব পাৰে৷ ইয়াৰ লগতে শৰীৰৰ বিভিন্ন পেশী, বিশেষকৈ হাত-ভৰিৰ পেশী শক্তিশালী হয়৷আথ্ৰাইটিছৰ সমস্যা থাকিলে চাইকেল চলালে সমাধান হয়৷হেপ্পী হৰমনৰ উৎপাদন চাইকেল চলালে বৃদ্ধি পায়৷ যাৰ ফলত মানসিক চাপ, উদ্বেগ, ডিপ্ৰেচন আদি কমি গৈ মনটো ফৰকাল তথা স্ফূৰ্তিবাজ হৈ থাকে৷হঁাওফাঁওৰ স্বাস্থ্যৰ কাৰণে চাইকেল চালনা উপকাৰী৷ চাইকেল চলালে শৰীৰৰ বিভিন্ন পেশীলৈ অক্সিজেন সৰবৰাহ হয়৷ যাৰ বাবে হাওফাওৰ স্বাস্থ্য তথা কাৰ্যক্ষমতা বৃদ্ধি পায়৷