চলন্ত গাড়ীৰ ব্ৰেক ফেইল হ’লে নিমিষতে কি কৰিব ?

0
609

গাড়ী চলোৱাৰ সময়ত প্ৰতিটো মুহূৰ্ততে সতৰ্ক থকা ভাল৷ নহ’লে তৎমুহূৰ্ততে দুৰ্ঘটনা ঘটাৰ সম্ভাৱনা অধিক৷ গাড়ী চলাই থাকিলে অলপমান অমনোযোগিতাৰ ফলত কোন সময়ত ডাঙৰ বিপদ আহে আপুনি তলকিবই নোৱাৰিব৷ আনহাতে বহুত চালকে গাড়ী চলাই থাকোঁতে ব্ৰেক ফেইলৰ দৰে ঘটনাৰো সন্মুখীন হয়৷ সেই ক্ষেত্ৰত বিপদৰ আশংকা থাকে৷ ইয়াৰ উপৰি এনে পৰিস্থিতিত কি কৰিব একো উৱাদিহ নাপায় বা এনে সময়ত কি কৰা উচিত আদি অজ্ঞতাৰ বাবে অনেকেই বিপদ পৰে৷ আপোনাৰ সন্মুখলৈ এনে পৰিস্থিতি আহিলে কেইটামান বিশেষ কথা মনত ৰখা ভাল৷ সেয়ে চলন্ত গাড়ীৰ ব্ৰেক ফেইল হ’লে কি কৰা উচিত জানো আহক৷ আপুনি গাড়ী চলাই থাকোঁতে ব্ৰেক ফেইল হ’লে সেই সময়ত আতংকিত নহৈ মগজু ঠাণ্ডা ৰাখক৷ আপুনি অলপো উত্তেজিত নহ’ব৷ এই সমস্যা সমাধানৰ পৰা প্ৰথমে গাড়ী গতিবেগ লাহে লাহে কমাবলৈ চেষ্টা কৰক৷ যদি গাড়ীখন টপ গিয়াৰৰ থাকে, তলৰ গিয়াৰলৈ নমাই আনক৷ গিয়েৰ সলনি কৰোঁতে মনত ৰাখিব পঞ্চম গিয়াৰৰ পৰা একেবাৰে যাতে এক নম্বৰ গিয়েৰলৈ নামি নাহে৷ নহ’লে দুৰ্ঘটনা ঘটিব পাৰে৷ ইয়াৰ সমান্তৰালভাৱে বাৰে বাৰে ব্ৰেকত হেঁচা দি থাকিব৷ ইয়াৰ ফলত ব্ৰেকত সঠিক হেঁচা পাই পুনৰ ব্ৰেক সক্ৰিয় হৈ উঠিবও পাৰে৷
আপুনি বিপদৰ সন্মুখীন হোৱাৰ লগে লগে হেড লাইট জ্বলাই দিয়ক৷ ইয়াৰ ফলত আপোনাৰ গাডী.ৰ আগফালে বা পিছফালে গাড়ীসমূহ সতৰ্ক হৈ যাব৷ ইয়াৰ উপৰি হৰ্ন, ইণ্ডিকেটৰ জ্বলাই দিয়ক, হেড লাইট আপাৰ-ডিপাৰ কৰাওক, যাতে আনে আপুনি বিপদত পৰাৰ সংকেত লাভ কৰে৷
চলন্ত গাড়ীত ৰিভাৰ্চ গিয়েৰ একেবাৰে ব্যৱহাৰ নকৰিব৷ নহ’লে দুৰ্ঘটনা সংঘটিত হ’ব পাৰে৷ এনে অৱস্থাত আগুৱাই থাকিবলৈ কেৱল ক্লাছহে ব্যৱহাৰ কৰক৷ গাড়ীৰ ভিতৰত এচি চলাই দিব, যাতে ইঞ্জিনৰ ওপৰত অধিক চাপ পৰে৷
গাড়ীৰ গতি প্ৰথম বা দুই নম্বৰ গিয়েৰলৈ নামি আহি যেতিয়া গাড়ীৰ গতিবেগ ঘণ্টাত ৪০ কিলোমিটাৰমান হ’ব, তেতিয়া আপুনি হেণ্ডব্ৰেক প্ৰয়োগ কৰি গাড়ীখন ৰখাব পাৰে৷ এই সময়ত পিছফালৰ পৰা যাতে আন গাড়ী আহি নাথাকে তালৈ লক্ষ্য কৰিব৷ গাড়ীৰ হেণ্ডব্ৰেক ব্যৱহাৰ কৰাৰ সময়ত সতৰ্ক হওক৷ মনত ৰাখিব গাড়ীত গতিবেগ বাঢ়ি থাকিলে কেতিয়াও হেণ্ডব্ৰেক ব্যৱহাৰ নকৰিব৷ এনে কৰিলে গাড়ীৰ নিয়ন্ত্ৰণ হেৰুৱাই বাগৰি পৰিব পাৰে৷
চলন্ত গাড়ীৰ ব্ৰেক ফেইল হ’লে ৰাস্তাৰ আশে-পাশে বালি বা মাটিৰ দ’ম আছে নেকি তালৈ লক্ষ্য কৰক৷ গাড়ীৰ গতিবেগ কমাই গাড়ীখন নিয়ন্ত্ৰণলৈ আনিবলৈ মাটি বা বালিৰ দ’মত গাড়ীখন সুৰক্ষিতভাৱে লগাই দিয়ক৷ এনে কৰিলে গাড়ীখনৰ ষ্টাৰ্ট বন্ধ হৈ যাব আৰু সাংঘাতিক দুৰ্ঘটনাৰ পৰা অন্তত বাচিব পাৰিব৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here