চমৎকাৰ : AI-এ দিব আপোনাৰ মৃত্যুৰ তাৰিখ

0
22

আপোনাৰ কেতিয়া মৃত্যু হ’ব অথবা আপোনাৰ আয়ুসৰ চাউল কিমান এই কথা জানিবলৈ মন নাযায়নে? এনেধৰণৰ উৎকণ্ঠা সকলোৰে জানিবলৈ মন যায়৷ আগতে এই কথা জনাৰ কোনো উপায় নাছিল, কেৱল আমি নেদেখাজনৰ ওচৰতে বিশ্বাস কৰি সেইমতে জীৱন প্ৰক্ৰিয়া চলাই নিছিলোঁ৷ কিন্তু এতিয়া আৰু চিন্তাৰ কাৰণ নাই৷ উচ্চ প্ৰযুক্তিবিদ্যাৰ বলত সেই কথা সম্ভৱপৰ হৈ উঠিব৷ বিজ্ঞান আৰু কৃত্ৰিম বুদ্ধিমত্তাৰ প্ৰগতিয়ে এই কথা অসম্ভৱকো সম্ভৱ কৰি তুলিছে৷ অৰ্থাৎ এই পৃথিৱীৰ জন্ম লোৱা পাছত আপোনাৰ আয়ুসকাল কিমানদিনলৈ থাকে, সেই কথা কৃত্ৰিম বুদ্ধিমত্তাৰ জৰিয়তে জানিব পাৰিব৷ বিজ্ঞান পত্ৰিকা লেনচেটত অলপতে প্ৰকাশ পোৱা এখন প্ৰতিবেদনৰ পৰা এই কথা জানিব পৰা গৈছে৷ উক্ত প্ৰতিবেদনখনত এ আই ডেথ কেলকুলেটৰৰ কথা উল্লেখ কৰা হৈছে৷ মুঠ কথাত কৃত্ৰিম বুদ্ধিমত্তাৰ জৰিয়তে মানুহৰ মৃত্যু কেতিয়া হ’ব, সেই কথা জানিব পাৰিব৷ ব্ৰিটেইনৰ ৰাষ্ট্ৰীয় স্বাস্থ্য সেৱাৰ সৈতে জড়িত দুখন হস্পিটেলত এই এ আই ডেথ কেলকুলেটৰ পৰীক্ষা শীঘ্ৰেই আৰম্ভ কৰা হ’ব৷ এ আই আৰ ইয়ে মানুহৰ হৃদপিণ্ডৰ ক্ৰিয়া কেতিয়া বন্ধ হৈ পৰিব, অৰ্থাৎ হৃদপিণ্ডই কেতিয়া তেজৰ পাম্প কৰাটো বন্ধ কৰিব, সেই বিষয়ে ভৱিষ্যৎবাণী কৰিব৷ আনহাতে এই এ আই আৰ ইৰ জৰিয়তে চিকিৎসকে ধৰিব নোৱৰা কিছুমান ৰোগো ধৰা পেলাব পৰা যাব৷ এ আই আৰ ইৰ সহায়ত মানুহে অহা দহ বছৰৰ ভিতৰত তেওঁৰ মৃত্যু হ’ব নে নহয়, সেই কথা ৭৮ শতাংশ বিশ্বাসযোগ্যতাৰ সৈতে জানিব পৰা যাব৷ উল্লেখ্য যে এ আই আৰ ইৰ পৰীক্ষাত চামিল হোৱাৰ বাবে ইতিমধ্যে ব্ৰিটেইনৰ ভালেমান লোকে নাম পঞ্জীয়ন কৰিছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here