চন্দ্ৰপৃষ্ঠত ৰ’ভাৰ প্ৰজ্ঞানেগতিপথত কি অসুবিধা পাইছে

0
255


চন্দ্ৰযান-৩ৰ ৰ’ভাৰ প্ৰজ্ঞানে চন্দ্ৰপৃষ্ঠত আগবাঢ়ি যোৱাৰ সময়ত এটা চাৰি মিটাৰ ব্যাসৰ প্ৰকাণ্ড গাঁতৰ সন্মুখীন হয়৷ ৰ’ভাৰৰ তিনি মিটাৰ আগত এই গাঁতটো আছিল৷ লগে লগে ৰ’ভাৰকগতিপথ সলনিৰ ‘কমাণ্ড’ দিয়া হয় আৰু যানখনে নিৰাপদ পথেৰে গতি কৰিবলৈ লয়৷ ভাৰতীয় মহাকাশ গৱেষণা সংস্থাই [ইছৰ’] এই কথা প্ৰকাশ কৰে৷ প্ৰজ্ঞানৰ গতিপথত এইটো দ্বিতীয়টো গাঁত আছিল৷ ইয়াৰ আগতে ১০০ মিলিমিটাৰ গাঁতৰ পৰা ৰ’ভাৰখন ওলাই আহিছিল৷ উল্লেখ্য যে চন্দ্ৰত ৰ’ভাৰৰ অভিযান ছেমি-অট’নমাছ৷ যানখন চলি থকাৰ কাৰণে পৃথিৱীত থকা নিয়ন্ত্ৰণ কক্ষৰ পৰা ‘কমাণ্ড’ আপলিংকিং কৰাৰ প্ৰয়োজন৷ ৰ’ভাৰৰ গতিপথ নিৰ্ণয় কৰাৰ কাৰণে ইয়াত থকা নেভিগেশ্যন কেমেৰাই প্ৰেৰণ কৰা ডাটা নিয়ন্ত্ৰণ কক্ষত ডাউনল’ড কৰা হয়৷ এই তথ্য বিশ্লেষণ কৰি গ্ৰাউণ্ড আৰু মেকানিজম টীমে যানখন কোনটো পথেৰে গতি কৰিব, সেইটো নিৰ্ধাৰণ কৰে৷ উল্লেখ্য যে ৰ’ভাৰে সৰু-সুৰা গাঁত পাৰ হৈ যাব পাৰে, কিন্তু ডাঙৰ গাঁত পাৰ হ’ব নোৱাৰে৷ সেয়েহে সন্মুখত ডাঙৰ গাঁত বা ডাঙৰ শিল থাকিলে গতিপথ সলনি কৰিবলগীয়া হয়৷ ইছৰ’ই লগতে প্ৰকাশ কৰে যে প্ৰপালছন মডুল, লেণ্ডাৰ আৰু ৰ’ভাৰৰ সকলো পেলডে সুকলমে কাম কৰি আছে৷ আনহাতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে চন্দ্ৰযান-৩ৰ সফলতাৰ বাবে হোৱা উত্তেজনাক ২০৪৭ চনৰ ভিতৰত এখন উন্নত ভাৰতৰ স্বপ্ন বাস্তৱায়িত কৰিবলৈ কম বয়সীয়া যুৱক-যুৱতীসকলৰ মাজত বৈজ্ঞানিক মানসিকতাৰ জাগৰণ আনিবলৈ সুপ্ৰয়োগ কৰিব লাগিব৷ প্ৰধানমন্ত্ৰীয়ে লগতে ইছৰ’ৰ বিজ্ঞানীসকলৰ সৈতে মত বিনিময় কৰে৷ অভ্যৰ্থনা অনুষ্ঠানত মোদীয়ে কয় যে আমি নতুন প্ৰজন্মক বিজ্ঞানৰ প্ৰতি আকৰ্ষিত কৰিব লাগিব৷ ২১ শতিকা প্ৰযুক্তি-পৰিচালিত আৰু বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ জ্ঞান আহৰণ কৰা দেশহে আগুৱাই যাব৷তেওঁ কয় যে কম বয়সতে বৈজ্ঞানিক মানসিকতা জগাই তুলিবলৈ নতুন প্ৰজন্মক উৎসাহিত কৰিব লাগিব৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here