চন্দ্ৰত মাটি দখল কৰাক লৈ আমেৰিকাৰ লগতে চীন-ৰাছিয়াৰ মাজত প্ৰতিযোগিতা আৰম্ভ হৈছে৷ আমেৰিকাৰ মহাকাশ গৱেষণা সংস্থা নাছাই চন্দ্ৰত খননৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছে৷ ইয়াৰ জৰিয়তে চন্দ্ৰত খনিজৰ অন্বেষণ কৰিব৷ নাছাই অহা দহ বছৰৰ ভিতৰত চন্দ্ৰত খনন কাৰ্য আৰম্ভ কৰিব বুলি কোৱা হৈছে৷ দ্য গাৰ্ডিয়ানে প্ৰকাশ কৰা অনুসৰি এই দখল আৰম্ভ হ’ব পাৰে ২০৩২ চনত৷ উল্লেখ্য যে নাছাই আৰ্টেমিছ প্ৰকল্পৰ জৰিয়তে ২০২৫ত চন্দ্ৰত মানুহ অৱতৰণ কৰাব৷ এই অভিযানত চন্দ্ৰত খননৰ বাবে টেষ্ট ড্ৰিল প্ৰেৰণ কৰিব৷ ইয়াৰ লগতে নাছাই চন্দ্ৰত প্ৰছেছিং প্ৰকল্প স্থাপন কৰিব৷ নাছাই চন্দ্ৰত তিনিবিধ গুৰুত্বপূৰ্ণ পদাৰ্থ যেনে– পানী, হিলিয়ামৰ উপৰি কেতবোৰ¸ দুৰ্লভ ধাতু মজুত আছে বুলি ধাৰণা কৰিছে৷ চন্দ্ৰৰ পানীত ৰকেটৰ ইন্ধনলৈ পৰিৱৰ্তন কৰিব পৰা হ’ব৷ হিলিয়ামৰ পৰা শক্তি উৎপাদন কৰিব পৰা যাব আৰু স্কেণ্ডিয়াম তথা য়েট্ৰিয়ামৰ দৰে ধাতুক ইলেক্ট্ৰনিক ক্ষেত্ৰখনত ব্যৱহাৰ কৰিব পৰা যাব৷ ইফালে ৰাছিয়া আৰু চীনেও চন্দ্ৰত খনন কৰাৰ প্ৰস্তুতি চলাইছে৷ দুয়োখন দেশে মহাকাশত পাৰমাণৱিক অস্ত্ৰ স্থাপন কৰিবলৈ বিচাৰিছে আৰু ইয়াৰ বাবে চন্দ্ৰত খননৰ বাবে পৰস্পৰক সহায় কৰিছে৷ এই দাবী কৰিছে ইংলেণ্ডৰ স্পেচ কমাণ্ডৰ মুৰব্বী এয়াৰ ভাইচ মাশ্বৰ্াল পল গডফ্ৰেই৷ দুয়োখন দেশে মহাকাশ অন্বেষণত বিনিয়োগ কৰা ধনৰ পৰিমাণক লৈ এই আশংকা প্ৰকাশ কৰিছে৷ তেওঁ কয় যে দুয়োখন দেশে গোপনে মহাকাশ অন্বেষণত কোটি কোটি ডলাৰ বিনিয়োগ কৰিছে৷ চীন আৰু ৰাছিয়াই মহাকাশত মাৰাত্মক অস্ত্ৰভাণ্ডাৰ স্থাপন আৰু চন্দ্ৰত খনন কৰি গুৰুত্বপূৰ্ণ খনিজ উলিওৱাৰ বাবে এনেদৰে ধন বিনিয়োগ কৰা বুলি তেওঁ আশংকা প্ৰকাশ কৰে৷ তেওঁৰ মতে, অচিৰেই গ্ৰহাণুত খনন কৰাৰ ধাৰণাই বাস্তৱ ৰূপ ল’ব পাৰে৷ চীনে ২০২০ চনতে চন্দ্ৰত চেঞ্জছাইট-ৱাই নামৰ এবিধ নতুন ফছফেট খনিজ থকাৰ তথ্য লাভ কৰিছিল৷ ইয়াক পাৰমাণৱিক ইন্ধন হিচাপে ব্যৱহাৰ কৰিব পাৰি৷