চন্দ্ৰযান-৩ৰ ৰ’ভাৰ প্ৰজ্ঞানে জোনবাইৰ দক্ষিণ মেৰুত অক্সিজেন থকা বুলি নিশ্চিত কৰিছে৷ প্ৰজ্ঞানত থকা পেডল অৰ্থাৎ লেজাৰ ইনডিউচড ব্ৰেকডাউন স্পেক্টªস্কফি বা লিব্ছে-এ এই তথ্য দিছে৷ ইয়াৰ উপৰি চন্দ্ৰৰ দক্ষিণ মেৰুত ছালফাৰ থকাৰ তথ্যও দিছে লিব্ছে৷ যানখনে ইছৰ’লৈ প্ৰেৰণ কৰা তথাৰ পৰা জানিব পৰা মতে চন্দ্ৰৰ দক্ষিণ মেৰুত অক্সিজেন, ছালফাৰৰ উপৰি এলুমিনিয়াম, কেলচিয়াম, আইৰন, ক্ৰমিয়াম, টাইনেচিয়াম আদি যৌগৰো উপস্থিতি ধৰা পেলাইছে ৰ’ভাৰ প্ৰজ্ঞানে৷ আনহাতে যানখনে দক্ষিণ মেৰুত হাইড্ৰজেনৰ সন্ধান কৰি আছে৷ ভাৰতীয় মহাকাশ গৱেষণা সংস্থাই এই কথা প্ৰকাশ কৰিছে৷ ইছৰ’ৱে লগতে প্ৰকাশ কৰে যে চন্দ্ৰপৃষ্ঠত কৰা প্ৰথমটো ইন-ছুট পৰীক্ষাৰ জৰিয়তে চন্দ্ৰৰ দক্ষিণ মেৰুত অক্সিজেনৰ লগতে ছিলিকন আৰু মেংগানিজো আছে৷ লিব্ছে চন্দ্ৰপৃষ্ঠত তীব্ৰ লেজাৰ ৰশ্মি প্ৰেৰণ কৰি তাৰ বিশে¡ষণ কৰে৷ এই লেজাৰ ৰশ্মি চন্দ্ৰপৃষ্ঠৰ কোনো শিল বা মাটিত পৰে, তেতিয়া তাৰ পৰা অতি গৰম প্লাজমাৰ সৃষ্টি হয়৷ প্লাজমাৰ পৰা ওলোৱা ৰশ্মিৰ পৰা পৃষ্ঠভাগত কেনেধৰণৰ ৰসায়ন বা খনিজ মজুত আছে, সেই বিষয়ে জানিব পাৰি৷