চন্দ্ৰত মানৱ বসতিস্থল স্থাপনৰপ্ৰতি ভাবুকিৰ সৃষ্টিৰ আশংকা

0
232

মানুহে চন্দ্ৰত বসতিস্থল স্থাপন কৰাৰ দিশত আগবাঢ়িছে৷ ভৱিষ্যতে চন্দ্ৰ মানুহৰ নতুন ঠিকনা হৈ পৰিব পাৰে৷ ভৱিষ্যতে জলবায়ু পৰিৱৰ্তনৰ বাবে পৃথিৱীত মানুহৰ বসবাসৰ উপযোগী হৈ নথকাৰ দিশত গতি কৰিলে চন্দ্ৰত উপনিৱেশ স্থাপন কৰি মানৱ জাতিৰ অস্তিত্ব বজাই ৰাখিব পৰা যাব নে নাযায়, সেই সম্পৰ্কেও বিজ্ঞানীসকলে অধ্যয়ন অব্যাহত ৰাখিছে৷ কিন্তু আমেৰিকাৰ মহাকাশ গৱেষণা সংস্থা নাছাই শেহতীয়াকৈ প্ৰকাশ কৰা এক তথ্যই চন্দ্ৰত মানৱ বসতিস্থল স্থাপনৰ সম্ভাৱনাৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰাৰ আশংকাই দেখা দিছে৷ বিজ্ঞানীসকলে প্ৰকাশ কৰা অনুসৰি পৃথিৱীৰ মহাকাশৰ সংগী চন্দ্ৰ বিভিন্ন ধৰণৰ পৰিৱৰ্তনৰ মাজেৰে পাৰ হৈছে৷ বিগত কেইবা কোটি বছৰত চন্দ্ৰৰ আকাৰ তাৎপৰ্যপূৰ্ণভাৱে হ্ৰাস পাইছে৷ প্লেনেটেৰী ছায়েন্স জাৰ্নেলত প্ৰকাশ পোৱা এটা অধ্যয়নৰ প্ৰতিবেদনত এই কথা উল্লেখ কৰা হৈছে৷ নাছা, স্মিথছনিয়ান, এৰিজোনা ষ্টেট ইউনিভাৰ্ছিটি আৰু মেৰীলেণ্ড বিশ্ববিদ্যালয়ৰ বিজ্ঞানীসকলে মিলি এই অধ্যয়নটো কৰিছিল৷ তেওঁলোকে লাভ কৰা তথ্য অনুসৰি চন্দ্ৰ অহৰহ সংকুচিত হ’বলৈ ধৰিছে আৰু ইয়াৰ ফলত উপগ্ৰহটোৰ দক্ষিণ মেৰুত উল্লেখনীয় পৰিৱৰ্তন দেখিবলৈ পোৱা গৈছে৷ চন্দ্ৰৰ আকাৰ সংকুচিত হোৱাৰ ফলত ইয়াৰ পৃষ্ঠভাগ ভংগুৰ হৈ পৰিব আৰু পৃষ্ঠভাগত চ্যুতিৰ সৃষ্টি হ’ব৷ ইয়াৰ ফলত ভূমিকম্পৰো সৃষ্টি হ’ব৷ বিজ্ঞানীসকলে দক্ষিণ মেৰুত হোৱা পৰিৱৰ্তনৰ বিষয়ে জনাৰ কাৰণে ৫০ বছৰতকৈ আগৰ এপ’ল অভিযানৰ সময়ত লাভ কৰা তথ্য ব্যৱহাৰ কৰিছিল৷ পৃষ্ঠভাগৰ সুস্থিৰতাৰ বিষয়ে জনাৰ বাবে কম্পিউটাৰ মডেল ব্যৱহাৰ কৰা হৈছিল৷ ইয়াৰ ফলত ভূমিকম্পৰ ফলত ভূস্খলনৰ প্ৰতি স্পৰ্শকাতৰ কিছুমান অংশৰ বিষয়েও তথ্য লাভ কৰা হয়৷ সেয়েহে বিজ্ঞানীসকলে চন্দ্ৰত মানৱ বসতিস্থল স্থাপন কৰাৰ সময়ত তাৰ টেকট’মিক প্লেটত হোৱা বিচ্যুতিৰ কথাও বিবেচনা কৰি ল’বলৈ আহ্বান জনাইছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here