চন্দ্ৰপৃষ্ঠত আজি কেইবাদিনো ধৰি টোপনিত নিমগ্ন হৈ আছে চন্দ্ৰযান-৩১ ৰ’ভাৰ প্ৰজ্ঞানে৷ কিয়নো সেই সময়খিনিত তাত ৰাতি হৈ আছিল৷ চন্দ্ৰপৃষ্ঠত দি হোৱাৰ লগে লগে প্ৰজ্ঞানেও চকু মেলিব৷ ২২ ছেপ্টেম্বৰ হ’ল সেই মাহেন্দ্ৰক্ষণ৷ সেইদিনা চন্দ্ৰপৃষ্ঠত নিশা আঁতৰি আলোকৰ পোহৰেৰে দিন হ’ব আৰু সেইদিনাই ৰ’ভাৰ প্ৰজ্ঞানেও টোপনিৰ পৰা সাৰ পাব৷ কিয়নো এতিয়াও চন্দ্ৰপৃষ্ঠৰ বহু তথ্য আহৰণ কৰিবলৈ বাকী আছে প্ৰজ্ঞানৰ৷ এই বিশেষ দিনটোলৈ বিজ্ঞানীসকলে অপেক্ষা কৰি আছে৷ উল্লেখ্য যে বিগত ২৩ আগষ্টত চন্দ্ৰৰ দক্ষিণ মেৰুত অৱস্থান কৰিছিল চন্দ্ৰযান-৩এ৷ তাৰ পৰৱৰ্তী সময়ত লেণ্ডাৰ বিক্ৰমৰ পৰা পৃথক হৈ চন্দ্ৰপৃষ্ঠৰ চাৰিওফালে বিচৰণ কৰিছিল ৰ’ভাৰ প্ৰজ্ঞানে আৰু চন্দ্ৰপৃষ্ঠৰ বিভিন্ন তথ্য তথা আলোকচিত্ৰ ইছৰ’লৈ প্ৰেৰণ কৰিছিল৷ কিন্তু মহাকাশত চন্দ্ৰপৃষ্ঠত দিনৰ পাছত যেতিয়া ৰাতি হৈছিল, প্ৰজ্ঞানৰ কাৰ্যক্ষমতাও লোপ পাইছিল৷ লাহে লাহে প্ৰজ্ঞান নিস্ক্ৰিয় হৈ পৰিছিল৷ বিজ্ঞানীয়ে লেণ্ডাৰ বিক্ৰম আৰু ৰ’ভাৰ প্ৰজ্ঞান যন্ত্ৰ দুটাক সম্পূৰ্ণকৈ চাৰ্জ দি নিস্ত্ৰিয় কৰি দিয়া হৈছিল৷ এতিয়া ২২ ছেপ্টেম্বৰত চন্দ্ৰপৃষ্ঠত সূৰ্যোদয় হোৱাৰ কাৰণে ৰ’ভাৰ প্ৰজ্ঞান আৰু লেণ্ডাৰক টোপনিৰ পৰা জগাবলৈ বিজ্ঞানীসকলে চেষ্টা কৰি আছে৷ ইছৰ’ৰ বিজ্ঞানীসকলে আশা প্ৰকাশ কৰিছে যে বিক্ৰম আৰু প্ৰজ্ঞান সক্ৰিয় হ’লেই ছ’লাৰ পেনেলে কাম কৰা আৰম্ভ কৰিব৷ ইয়াৰ ফলত চন্দ্ৰপৃষ্ঠৰ আৰু অধিক তথ্য সংগ্ৰহ কৰিবলৈ সক্ষম হ’ব বিজ্ঞানীয়ে৷ ইতিমধ্যে প্ৰজ্ঞানক সক্ৰিয় কৰি তুলিবলৈ বিজ্ঞানীয়ে অহৰহ চেষ্টা কৰি আছে৷ উল্লেখৰ প্ৰয়োজন যে চন্দ্ৰৰ বুকুত ৰাতি হ’লে কেতিয়াবা ইয়াৰ হিমাংক ২০০ ডিগ্ৰী চেলচিয়াছ অথবা আৰু নিম্ন হৈ যায় ইয়াৰ উষ্ণতা৷ সেই ভয়ংকৰ ঠাণ্ডাত কোনো যন্ত্ৰই সক্ৰিয় হৈ থকাৰ কথা ভাবিব নোৱাৰি৷ তথাপিও ভাৰতীয় বিজ্ঞানীয়ে আশা এৰি দিয়া নাই আৰু ৰ’ভাৰ প্ৰজ্ঞানক সক্ৰিয় কৰিবলৈ আপ্ৰাণ চেষ্টা অব্যাহত ৰাখিছে৷