আজিকালি বৃদ্ধই হওক বা সৰু ল’ৰা-ছোৱালী সকলোৱে চছমা পৰিধান কৰিবলগীয়া অৱস্থাৰ সৃষ্টি হৈছে৷ বৰ্তমান জীৱনশৈলী তথা টিভি, মোবাইল আদিৰ ব্যৱহাৰ সৰু কালৰে পৰা গঢ় লয় আৰু ইয়াৰ ফলত সৰুকালতে চকুৰ দৃষ্টিশক্তি হ্ৰাস পায় তথা চকু বিকাৰ আৰম্ভ হয়৷ যাৰ বাবে নিচেই সৰুতে চকুত চছমা পৰিধান কৰিবলগা হয়৷ এইদৰে চকুত চছমা ব্যৱহাৰ কৰাৰ ফলত চছমাযোৰ পৰিষ্কাৰ কৰি ৰখাটো খুব গুৰুত্বপূৰ্ণ৷ চছমাৰ কোণত সামান্য ধূলি বা ময়লা জমা হোৱাৰ বাবে চকুৰে দেখাত অসুবিধা হ’ব পাৰে৷ বিভিন্ন সময়ত চছমাত আঁচোৰ বা দাগ থকা বাবে চছমাৰে দেখাত যথেষ্ট অসুবিধা হয়৷ সেয়ে মাজে সমতে চছমাযোৰ চাফা কৰাটো জৰুৰী৷ বহুতেই আকৌ চছমাৰ ধূলি বালি গুচাবলৈ ওচৰতে যি কাপোৰ পায়, তাৰেই চছমা চাফা কৰি লয়৷ কিন্তু ইয়াৰ ফলত চছমাযোৰ বেয়া হোৱাৰ সম্ভাৱনা থাকে৷ এনে ভুৃল নকৰিব৷ জানো আহক চছমাৰ দাগ সহজে আঁতৰ কৰি চছমাযোৰ চিকচিকিয়া কিদৰে কৰিব৷ টুথপেষ্টেৰে চছমা সুন্দৰভাৱে পৰিষ্কাৰ কৰিব পাৰে৷ কাচৰ পাত্ৰত অলপ টুথপেষ্ট লৈ কপাহ বা নৰম কাপোৰত লগাই চছমাৰ দাগবোৰত লাহে লাহে ঘঁহি দিব৷ প্ৰায় ৩০ ছেকেণ্ড এইদৰে ঘঁহি পৰিষ্কাৰ কৰক৷ গ্লাছত থকা স্ক্ৰেচবোৰ নোহোৱা হ’ব৷ লিকুইড ক্লিনাৰেৰে চছমা পৰিষ্কাৰ কৰিব পাৰে৷ বেছিভাগ লিকুইড ক্লিনাৰত এলকহল থাকে, যিয়ে গ্লাছ পৰিষ্কাৰ কৰাৰ লগতে হেণ্ড ছেনিটাইজাৰ হিচাপেও কাম কৰে৷ চছমাৰ গ্লাছত চেভিং পোম হেক লগাই কিছু সময়ৰ বাবে এইদৰে থৈ দিয়ক৷ ইয়াৰ ফলত গ্লাছত লাগি থকা ধূলি বালি মাটি ফোমত জমা হৈ চছমাযোৰ পৰিষ্কাৰ হৈ যাব৷ কিছুসময় পাছত তুলা বা নৰম কাপোৰৰ সহায়ত ফেনবোৰ পৰিষ্কাৰ কৰক৷ চছমাত হোৱা আঁচোৰ দূৰ কৰিবলৈ বেকিং ছডাৰ সহায় ল’ব পাৰে৷ই?াৰ বাবে বেকিং ছ’ডাত পানী মিহলাই এটা পেষ্ট তৈয়াৰ কৰক৷ এই পেষ্টটোৰে চছমাৰ ওপৰত তুলা বা কপাহী কাপোৰেৰে লগাই ঘঁহি দিব৷ ইয়াৰ ফলত দাগ বা আঁচোৰ নোহোৱা হৈ পৰিব৷ চছমাৰ ওপৰত উইল্ডশ্বিল্ড ৱাটাৰ ৰিপেলেণ্ট লগাওক তথা তাৰ পাছত মাইক্ৰফাইবাৰ বা সূতাৰ কাপোৰেৰে পৰিষ্কাৰকৈ মচি দিব৷ আপোনাৰ চছমাযোৰ একেবাৰে নতুনৰ লেখীয়া হৈ পৰিব৷