ঘৰৰ কি তিনিটা বস্তুত কমোডতকৈও বেছি জীৱাণু থাকে ? Three things at home that contain more bacteria than the commode

0
665
আপাতদৃষ্টিত ঘৰ এখনৰ পৰিষ্কাৰ-পৰিচ্ছন্নতাই মূল কথা৷ আটোমটোকাৰিকৈ সজোৱা ঘৰ এখন সকলোৰে কাম্য৷ সেই অনুসৰি ঘৰৰ সাজসজ্জা, আচবাব, ফুলৰ টাব আদি নিয়াৰিকৈ নিৰ্দিষ্ট স্থানত থোৱা হয়৷ এইধৰণৰ সাজসজ্জাৰ মাজতে ঘৰৰ কেইবাটাও সামগ্ৰী পৰিষ্কাৰ কৰাৰ কথা বহুতৰে খেয়ালেই নহয়৷ কিন্তু আপুনি আচৰিত হ’ব যে পৰিষ্কাৰ নকৰাৰ ফলত এই বস্তুবোৰত শৌচালয়ৰ কমোডতকৈও বেছি জীৱাণু থাকিব পাৰে৷ ইয়াৰ পৰাই বেক্টেৰিয়াৰ সংক্ৰমণ হৈ আপোনাৰ বিপদ মাতিব পাৰে৷ সেয়েহে জানো আহক– কি এনে সামগ্ৰীত ভয়ংকৰ বেক্টেৰিয়াই বাস কৰিব পাৰে৷
Toilet Germs Images, Stock Photos & Vectors | Shutterstock

(১) কাটিং ব’ৰ্ড– পাকঘৰত পাচলি, চব্‌জি বা মাংসৰ টুকৰা সৰুকৈ কাটিবলৈ কাটিং ব’ৰ্ড ব্যৱহাৰ কৰা হয়৷ কিন্তু বহুতে পাচলি কুটাৰ পাছত ভালকৈ ধুই নিদি ব’ৰ্ডখন তেনেকৈ থৈ দিয়ে৷ গৱেষণা কৰি পোৱা মতে অপৰিষ্কাৰ কৰি ৰখাৰ ফলত এখন কাটিং ব’ৰ্ডত এটা কমোডৰ তুলনাত ২০০ গুণ বেছি জীৱাণু থাকিব পাৰে৷

Why Wood Is Still the Best Cutting Board Material – Misen


(২) কাৰ্পেট– আপুনি নিশ্চয় ড্ৰয়িংৰূমত কাৰ্পেট ব্যৱহাৰ কৰে৷ ঘৰখন সজোৱাত কাৰ্পেটে মুখ্য ভূমিকা লয়৷ এই কাৰ্পেটৰ ওপৰত ধূলি-বালি, ছালৰ মৃতকোষ, খোৱাবস্তুৰ উচিষ্ট, শৰীৰৰ নোম, মল-মাকতি আদি নিয়মিতৰূপে জমা হয়৷ এইবোৰ আৱৰ্জনাত ষ্টাফিলোককাছ, ছালমোনেলাৰম আদি বেক্টেৰিয়াই সহজে বাস কৰিব পাৰে আৰু আমাৰ নানাধৰণৰ ছালকে ধৰি আন অংশত ৰোগৰ সৃষ্টি কৰে৷ সেয়েহে কাৰ্পেট নিয়মিতৰূপে পৰিষ্কাৰ কৰি ৰাখিবলৈ ভেকুৱাম ক্লিনাৰ ব্যৱহাৰ কৰিব লাগে৷ আনহাতে বছৰত এবাৰ হ’লেও কাৰ্পেটখন ধুই পৰিষ্কাৰ কৰাটো উচিত৷

Athena Shaggy Rug Charcoal


(৩) টুথব্ৰাছৰ হ’ল্ডাৰ– টুথব্ৰাছ থ’বলৈ সকলোৱে হয়তো টুথব্ৰাছ হ’ল্ডাৰ ব্যৱহাৰ কৰে৷ দাঁত মাজি শেষ হোৱাৰ পাছত টুথব্ৰাছ হ’ল্ডাৰত ব্ৰাছবোৰ থোৱা হয়৷ এইদৰে দাঁত মাজি বহুতৰেই ভিজাই ভিজাই টুথব্ৰাছ হ’ল্ডাৰত ব্ৰাছ ৰখাৰ অভ্যাস আছে৷ ইয়াৰ ফলত হ’ল্ডাৰত বেক্টেৰিয়াৰ জন্ম হ’ব পাৰে৷ কমোডৰ ক্ষেত্ৰত ৫ শতাংশ কলিফৰ্ম থাকে যদিও এইদৰে ৰখা টুথব্ৰাছ হ’ল্ডাৰত ২৭ শতাংশ কলিফৰ্মৰ মাত্ৰা পোৱা যায়, যিটো শৰীৰৰ বাবে অত্যন্ত অপকাৰী৷ সেয়েহে শৰীৰটো ভালে ৰাখিবলৈ নিয়মিত ব্ৰাছ থোৱা হ’ল্ডাৰটো পৰিষ্কাৰ কৰাটো জৰুৰী৷ খুব বেছি পুৰণি হ’ল্ডাৰ ব্যৱহাৰ কৰাটো অনুচিত৷

Yofer Multi Purpose Tooth Brush Holder-Tooth Paste Stand - Yofers

LEAVE A REPLY

Please enter your comment!
Please enter your name here