পাইলছ এনে এটা সমস্যা, য’ত মলত্যাগৰ সময়ত মলদ্বাৰৰ অভ্যন্তৰীণ অথবা বাহ্যিক উভয় অংশই ফুটি উঠে৷ যাৰ কাৰণে প্ৰচণ্ড বিষ অনুভৱ হয় আৰু শৌচ কৰোঁতে যথেষ্ট কষ্ট অনুভৱ হয়৷ শৌচ কৰাৰ সময়ত নাজল- নাথল অৱস্থা হয়৷ কেতিয়াবা আকৌ শৌচৰ কৰোঁতে তেজ ওলোৱা দেখা যায়৷ স্বাস্থ্য বিশেষজ্ঞৰ মতে অস্বাস্থ্যকৰ খাদ্য গ্ৰহণ ইয়াৰ সকলোতকৈ ডাঙৰ কাৰণ৷ ইয়াৰ উপৰি আন খাদ্য প্ৰণালীত ফাইবাৰৰ অভাৱ, স্থূলতা, গৰ্ভাৱস্থা, সঘনাই কোষ্ঠকাঠিন্য, ডায়েৰিয়া, বহুসময় ধৰি টয়লেটত বহি থকা আদি বিভিন্ন কাৰণতো পাইলছৰ সমস্যাই দেখা দিব পাৰে৷ সেয়ে সময়মতে পাইলছৰ চিকিৎসা গ্ৰহণ নকৰিলে পৰৱৰ্তী সময়ত এই সমস্যাই গুৰুতৰ ৰূপ লয়৷ আনকি পাছত অপাৰেশ্যনতো কৰিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হয়৷ সেয়ে ঘৰুৱা উপায়েৰে পাইলছ কেনেদৰে নিৰ্মূল কৰিব সেই বিষয়ে জানো আহক৷
ঔষধি গুণসম্পন্ন হালধি বিভিন্ন স্বাস্থ্যজনিত সমস্যাৰ বাবে উপকাৰী৷ হালধি পাইলছৰ ক্ষেত্ৰত খুব কাৰ্যকৰী বুলি কোৱা হয়৷ হালধিয়ে ৰক্তপাত বন্ধ কৰাত সহায় কৰে৷ আনহাতে হালধিত কাৰকিউমিন উপাদানৰ উপৰি এণ্টিছেপটিক, এণ্টিভাইৰল, এণ্টিঅক্সিডেণ্ট, এণ্টিকাৰ্চিনোজেনিক তথা এণ্টিবায়’টিক বৈশিষ্ট্যৰে ভৰপূৰ, যিয়ে পাইলছৰ সমস্যাৰ পৰা মুক্তি দিব পাৰে৷ পাইলছ ৰোগৰ ক্ষেত্ৰত নাৰিকল তেলৰ সৈতে হালধি মিহলাই ক্ষতস্থানত ব্যৱহাৰ কৰিলে সুফল পোৱা যায়৷ হালধিত থকা এণ্টি ইনফ্লেমেটৰি বৈশিষ্ট্য নাৰিকল তেলৰ সৈতে আৰু বেছি কাৰ্যকৰী হৈ উঠে৷ এই দুয়োবিধৰ মিশ্ৰণটো তুলাৰ সহায়ত পাইলছৰ বাহিৰৰ অংশত ভালকৈ লগাওক৷
আনহাতে এটা পিঁয়াজ পিচি লৈ তাৰ পৰা ওলোৱ ৰসখিনিৰ সৈতে সৰিয়হ তেল আৰু হালধিৰ গুড়ি মিহলাই এটা পেষ্ট প্ৰস্তুত কৰক৷ এই পেষ্টটো পাইলছ হোৱা অংশত প্ৰতি ত্ৰিছ মিনিটৰ ব্যৱধানত লগাওক৷
পাইলছৰ চিকিৎসাত হালধিৰ সৈতে এলোভেৰা জেল ব্যৱহাৰ কৰিব পাৰে৷ ইয়াৰ উপস্থিতিত এণ্টি ইনফ্লেমেটৰি বৈশিষ্ট্যই পাইলছৰ জ্বলা-পোৰাৰ সমস্যা কমাই দিয়ে৷ ইয়াৰ বাবে এলোভেৰা আৰু হালধিৰ মিশ্ৰণ তৈয়াৰ কৰি পাইলছত লগালে সুফল পাব পাৰি৷