ঘৰতে কিদৰে প্ৰ’টিন পাউডাৰ প্ৰস্তুত কৰিব ?

0
602


আমাৰ শৰীৰ বাবে প্ৰ’টিন নিতান্তই প্ৰয়োজনীয় উপদান৷ যিসকলে শৰীৰৰ ওজন বঢ়াবলৈ বিচাৰে বা যিসকলে নিয়মিতভাৱে জিমলৈ যায়, তেওঁলোকে প্ৰ’টিন পাউডাৰ গ্ৰহণ কৰে৷ কিন্তু কেতিয়াবা তেওঁলোকৰ মনতো প্ৰ’টিন পাউডাৰক লৈ এক প্ৰশ্নৰ উদয় হয়৷ পেশীবহুল সুঠাম চেহেৰা পাবলৈ এইধৰণৰ পাউডাৰ খোৱাৰ আৱশ্যকতা কিমান, বহুতেই সেই বিষয় জানিবলৈ বিচাৰে৷ স্বাস্থ্য বিশেষজ্ঞই কোৱা মতে এজন পূৰ্ণবয়স্ক লোকক দৈনিক প্ৰ’টিনৰ চাহিদা দেহৰ ওজনৰ সমানুপাতিক৷ শৰীৰৰ ওজন প্ৰতিকিলোৰ বাবে দৈনিক ০.৮ৰ পৰা ১ গ্ৰাম প্ৰ’টিনৰ আৱশ্যক হয়৷ অৰ্থাৎ কাৰোবাৰ শৰীৰৰ ওজন যদি ৫০ কেজি হয়, তেন্তে তেওঁক প্ৰতিদিনে ৪৫ ৰপৰা ৫০ গ্ৰাম প্ৰ’টিনৰ প্ৰয়োজন হ’ব৷ আনহাতে যিসকলে নিয়মিতভাৱে শৰীৰচৰ্চা কৰে, তেওঁলোকৰ ক্ষেত্ৰত প্ৰতিকিলো ওজনৰ কাৰণে দৈনিক ডেৰ পৰা দুই কিলো প্ৰ’টিনৰ আৱশ্যক হয়৷ ইয়াৰ লগতে বিশেষজ্ঞই এইবুুলিও কয় যে অতিৰিক্ত প্ৰ’টিন সেৱন কৰাৰ ফলত শৰীৰত নানা অসুবিধাই দেখা দিব পাৰে৷ নিয়মিতভাৱে অসন্তুলনকৈ প্ৰ’টিন খোৱাৰ ফলত কিডনী, লিভাৰ আদিৰ গুৰুতৰ সমস্যাই দেখা দিব পাৰে৷ এইক্ষেত্ৰত নজৰ ৰখা ভাল৷ আনহাতে এইধৰণৰ পাউডাৰবোৰৰ দাম অধিক হোৱাৰ হেতু কিছুমানৰ বাবে ক্ৰয় কৰাটো অসম্ভৱো হৈ পৰে৷ সেয়েগে কম খৰচতে ঘৰতে কিদৰে প্ৰ’টিন পাউডাৰ তৈয়াৰ কৰিব জানো আহক৷
প্ৰ’টিন পাউডাৰ প্ৰস্তুতৰ বাবে কাঠবাদাম, বুট, ফক্স নাট, বগা তিল আৰু বিভিন্ন ধৰণৰ বস্তুৰ প্ৰয়োজন হ’ব৷ প্ৰথম এই সকলোৰে গোটাই লওক৷ এতিয়া ভালকৈ পৰিষ্কাৰ কৰি লৈ একেলগে একেলগে থেকেচি লওক৷ এইখিনি তাৰ পাছত কেৰাহিত গৰম হ’বলৈ দিব৷ ঠাণ্ডা হ’লে গোটেইখিনিয়ে এটা মিক্সিত ভালদৰে গুৰি কৰক৷ ইয়াৰ পাছত বায়ু প্ৰতিৰোধী এটা কাচৰ পাত্ৰত এই পাউডাৰখিনি সংৰক্ষণ কৰি ৰাখক৷ পৰিমাণ অনুযায়ী তাৰ পৰা প্ৰতিদিনে গাখীৰত মিহলাই খালে সুফল লাভ কৰিব৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here