বেছিভাগ মহিলাই ওঁঠৰ ওপৰ অংশত গজা সৰু সৰু নোম বা চুলিৰ সমস্যাত ভোগে৷ যাক কোৱা হয় Upper Lips Hair৷ এনেদৰে মুখত চুলি গজিলে মহিলাসকলৰ সৌন্দৰ্যত আঘাত হনাৰ লেখীয়া হয়৷ এনেইতো সকলো মানুহৰ মুখত অলপ সৰু সৰুকৈ চুলি থাকেই, কিন্তু যেতিয়া মহিলাৰ শৰীৰত testosterone আৰু androgen হৰমন বৃদ্ধি পায়, তেতিয়া মুখত সামান্য পৰিমাণতকৈ অধিক নোম গজিবলৈ ধৰে৷ সেই কাৰণে মহিলাসকলে ইয়াৰ পৰা পৰিত্ৰাণৰ বাবে কেমিকেলযুক্ত bleach ব্যৱহাৰ কৰে৷ কিন্তু কেতিয়াবা এই bleach-এ আপোনাৰ ছালৰ ক্ষতি কৰিব পাৰে৷ সেয়েহে আজি আমি লৈ আহিছোঁ এনেকুৱা কেইবিধমান সামগ্ৰী, যাৰ দ্বাৰা আপুনি ঘৰতে Upper Lips Hair-ৰ সমস্যাৰ পৰা মুক্তি লাভ কৰিব পাৰিব৷
[১] নেমু আৰু মৌ ব্যৱহাৰ কৰি আপুনি Upper Lips Hair-ৰ সমস্যাৰ পৰা ৰেহাই পাব পাৰে৷ ইয়াৰ বাবে আপোনাক লাগিব চেনি, নেমু আৰু মৌ৷ এই তিনিওবিধ সামগ্ৰী একেলগে মিশ্ৰণ কৰি গৰম কৰি ল’ব৷ ঠাণ্ডা হোৱাৰ পাছত মুখত পাউডাৰ লগাই এই মিশ্ৰণটোৰে Wax কৰিলে সুফল লাভ কৰিব পাৰিব৷
[২] কণীৰ বগা অংশৰেও আপুনি Upper Lips Hair নাইকিয়া কৰিব পাৰে৷ ইয়াৰ বাবে আপোনাক লাগিব এটা কণীৰ বগা অংশ, আধা চামুচ কৰ্নফ্লাৱাৰ আৰু এচামুচ চেনি৷ গোটেইকেইবিধ সামগ্ৰী একেলগে মিশ্ৰণ কৰি আপাৰ লিপছত লগাওক৷ ২০ মিনিটমান পাছত পেষ্টটো শুকালে লাহে লাহে এৰুৱাই দি ঠাণ্ডা পানীৰে ধুই দিলে এই সমস্যাৰ পৰা ৰেহাই পাব পাৰি৷