গৰমৰ দিনত ডিহাইড্ৰেশ্যন হোৱাটো স্বাভাৱিক কথা৷ সূৰ্যৰ প্ৰখৰ তাপৰ ফলত শৰীৰৰ পৰা অত্যধিক ঘাম বাহিৰ হোৱা বাবে দেহত পানীৰ পৰিমাণ কমিবলৈ ধৰে৷ ডিহাইড্ৰেশ্যন হ’লে বিভিন্ন ধৰণৰ সমস্যাই দেখা দিব পাৰে৷ তাৰ ভিতৰত ব্লাড প্ৰেছাৰ কমি যোৱা, উশাহৰ গতি দীঘল হোৱা, ঘনাই ওঁঠ, জিভা শুকাই যোৱা, মূৰৰ বিষ, মাংসপেশীৰ বিষ, সঘনাই পানীৰ পিয়াহ লগা, ভাগৰ, দুৰ্বলতা আদিয়েই প্ৰধান৷ সেয়েহে ডিহাইড্ৰেশ্যনৰ পৰা হাত সাৰি থাকিবলৈ প্ৰচুৰ পৰিমাণে পানী খোৱা উচিত৷ ইয়াৰ উপৰি আপুনি ঘৰতে কিছু উপায় অৱলম্বন কৰি ডিহাইড্ৰেশ্যনৰ পৰা পৰিত্ৰাণ পাব পাৰে৷
আধা চামুচ চফ এক লিটাৰ পানীত উতলাই ঠাণ্ডা হোৱাৰ পাছত দিনে তিনি-চাৰিবাৰমান খালে সুফল লাভ কৰিব পাৰি৷
তুলসীৰ ৰস দুটোপালমান একাপ পানীৰ লগত মিশ্ৰণ কৰি সেৱন কৰিলে ডিহাইড্ৰেশ্যনৰ পৰা মুক্তি লাভ কৰিব পাৰি৷ তুলসীৰ ঔষধি গুণে শৰীৰটোৰ তাপমাত্ৰা ঠাণ্ডা কৰি ৰখাত সহায় কৰে৷
ডিহাইড্ৰেশ্যন হ’লে নিমখ আৰু চেনি পানীত মিশ্ৰণ কৰি খালেও উপকাৰ পাব পাৰি৷
কুঁহিয়াৰৰ ৰসত প্ৰচুৰ পৰিমাণে আইৰন, মেগনেচিয়াম, পটাচিয়াম আৰু অন্যান্য ইলেকট্ৰলাইট্ছ পোৱা যায়, যিয়ে আমাৰ শৰীৰটোক ডিহাইড্ৰেশ্যন হোৱাৰ পৰা ৰক্ষা কৰে৷
ডাব নাৰিকলৰ পানীয়ে আমাৰ শৰীৰত ইলেকট্ৰলাইট্ছ পুনৰ ভৰ্তি হোৱাত সহায় কৰে৷ ফলত আমাৰ শৰীৰত পানীৰ পৰিমাণৰ সমতা স্থাপন হৈ ডিহাইড্ৰেশ্যন নিৰাময় কৰে৷