গৱেষণা : AI-এ ৭৭ শতাংশ কৰ্মীৰ উৎপাদনশীলতা কমাই দিছে

0
16

বৰ্তমান যুগতো হৈছে কৃত্ৰিম বুদ্ধিমত্তাৰ যুগ৷ কৃত্ৰিম বুদ্ধিমত্তাৰ জৰিয়তে বিজ্ঞানীয়ে এই পৃথিৱীৰ বহু নোহোৱা-নোপজা ঘটনা সংঘটিত কৰিবলৈ লৈছে৷ কৃত্ৰিম বুদ্ধিমত্তাৰ জৰিয়তে এনে কিছু কাম কৰিবলৈ সম্ভৱ হৈছে, যাক সপোনতো কল্পনা কৰিব নোৱাৰি৷ আনকি মৃত ব্যক্তিক প্ৰাণ দিয়াৰো চেষ্টা অব্যাহত ৰাখিছে এই এআই বা কৃত্ৰিম বুদ্ধিমত্তা প্ৰযুক্তি প্ৰয়োগ কৰি৷ মুঠতে আমি যি কথা ভাবিব নোৱাৰে সেই সকলোবোৰ বাস্তৱ ৰূপ পাবলৈ গৈ আছে কৃত্ৰিম বুদ্ধিমত্তাৰ দ্বাৰা৷ তাৰ মাজতে এটা গৱেষণাত প্ৰকাশ পাইছে যে ৭৭ শতাংশ কৰ্মীয়ে মন কৰিছে যে এআই টুলে তেওঁলোকৰ উৎপাদনশীলতা কমাই দিছে৷ আপৱাৰ্কৰ গৱেষণাত এই কথা প্ৰকাশ পাইছে৷ গৱেষণাত অংশগ্ৰহণকাৰী কৰ্মীসকলৰ কোম্পানীসমূহৰ মাজত ৩৯ ভাগেই এআইৰ সহায়ত পদক্ষেপ গ্ৰহণ কৰিছে৷ আনহাতে ৪৬ ভাগ কোম্পানীবোৰে নিজৰ অভ্যন্তৰ আৰু পৰিকাঠামোত উল্লেখযোগ্য পৰিৱৰ্তন অবিহনে কৰ্মীসকলে এআই টুল ব্যৱহাৰত উৎসাহিত কৰিছে৷ বৰ্তমান সময়ত কৰ্প’ৰেট জগতৰ অধিকাংশ পৰিসৰেই কৃত্ৰিম বুদ্ধিমত্তা প্ৰযুক্তিৰ কৌশল অৱলম্বন কৰাত লাগিছে৷ এই ক্ষেত্ৰত সম্প্ৰতি এক গৱেষণাত দেখা গৈছে যে প্ৰায় ৭৭ শতাংশ কৰ্মীয়ে লক্ষ্য কৰিছে যে এআইৰ উত্থান তথা আগ্ৰাসনে তেওঁলোকৰ উৎপাদনশীলতা কমাই দিছে৷ দ্য আপৱৰ্ক ৰিছাৰ্চ ইনষ্টিটিউটে প্ৰায় ২৫০০ কৰ্মীক নমুনা হিচাপে লৈ গৱেষণাটো সম্পন্ন কৰিছিল৷ এই গৱেষণাটোত অষ্ট্ৰেলিয়া, কানাডা, যুক্তৰাষ্ট্ৰৰ কৰ্মীসকলে অংশগ্ৰহণ কৰিছিল৷ গৱেষণাৰ ফলাফলত দেখা গৈছিল যে প্ৰায় ৯৬ ভাগ শীৰ্ষ কৰ্মকৰ্তাই লক্ষ্য কৰিছিল যে এআই টুলে তেওঁলোকৰ কোম্পানীৰ উৎপাদনশীলতা বৃদ্ধি কৰিছে৷ কিন্তু এআই টুল বৱহাৰ কৰা কৰ্মীয়ে অৱশ্যে ভিন্ন কথা ভাবিছে৷ ইয়াৰে প্ৰায় ৭৭ ভাগ কৰ্মীয়ে মন কৰিছে যে এআই টুলে তেওঁলোকৰ উৎপাদনশীলতা বৰং কমাইহে

LEAVE A REPLY

Please enter your comment!
Please enter your name here