মগজুৰ সক্ৰিয়তা হ্ৰাস পোৱাটো কেনেকৈ প্ৰতিৰোধ কৰিব পাৰি সেই বিষয়টোক বিজ্ঞানীসকলে দীৰ্ঘদিন গৱেষণা তথা অধ্যয়ন কৰি আহিছে৷ সেইটো প্ৰতিৰোধ কৰিব পাৰিলে স্মৃতিশক্তি লোপ পোৱা তথা ডিমেনছিয়াৰ দৰে ৰোগৰ সমাধান পোৱা যাব৷ মগজুক সক্ৰিয় কৰি ৰখাৰ বাবে ঔষধ ব্যৱহাৰৰ কথাও প্ৰায়ে কোৱা হয়, কিন্তু শেহতীয়াকৈ কৰা এটা অধ্যয়নে এই দিশত আশাৰ বতৰা কঢ়িয়াই আনিছে৷ এই অধ্যয়নটো কৰিছিল কেলিফৰ্নিয়া বিশ্ববিদ্যালয়ৰ গৱেষকসকলে৷ তেওঁলোকে জানিব পৰা মতে শোৱাৰ সময়ত বতাহত থকা কিছুমান সুগন্ধই মগজুক ক্ষিপ্ৰ কৰাত সহায় কৰে৷ ফ্ৰণ্টিয়াৰ্ছ ইন নিউৰ’ছায়েন্সত এই বিষয়ে এটা অধ্যয়ন প্ৰকাশ পাইছে৷ অধ্যয়নটোত তেওঁলোকে শোৱাৰ সময়ত বতাহত থকা সুগন্ধই মগজুক অধিক সক্ৰিয় তথা ক্ষিপ্ৰ কৰি তোলাত সহায় কৰাৰ স্পষ্ট প্ৰমাণ পোৱা বুলি কয়৷ তেওঁলোকে লাভ কৰা তথ্য অনুসৰি মানুহ শুই থকাৰ সময়ত বতাহত বিয়পা সুগন্ধই মগজুৱে জ্ঞান সম্পৰ্কীয় কাম-কাজ উন্নতভাৱে কৰিবলৈ লয়৷ ইয়াৰ ফলত মগজুৰ স্মৃতিশক্তি আৰু সিদ্ধান্ত লোৱাৰ ক্ষমতা থকা অংশটোৰ সৈতে স্নায়ৱিক সমন্বয় অধিক বৃদ্ধি পায়৷ তেওঁলোকে এই অধ্যয়নটো কৰিছিল ৬৯-৮৫ বছৰ বয়সৰ ৪৩জন পুৰুষ আৰু মহিলাক লৈ৷