গৱেষণা : মানুহৰ ছদ্মৱেশত পৃথিৱীত বাস এলিয়েনৰ

0
107

এলিয়েনৰ অস্তিত্ব আছে নে নাই সেই ৰহস্যৰ অদম্য কৌতূহল মানুহৰ মাজত বহু বছৰ ধৰি আছে৷ আমাৰ অৰ্থাৎ মানুহৰ বাদে এই মহাবিশ্বত আন কোনো প্ৰাণীৰ অস্তিত্বক লৈ অহা বহুতো প্ৰশ্নৰ উত্তৰ কাৰো ওচৰতে নাই৷ কিন্তু সম্প্ৰতি হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়ৰ এটা গৱেষকৰ দলে এই দাবী কৰিছে যে এলিয়েনে পৃথিৱীত গোপনে মানুহৰ ছদ্মৱেশত আমাৰ মাজতে বাস কৰি আছে৷ হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়ৰ হিউমেন ফ্লোৰিচিং প্ৰগ্ৰেমৰ গৱেষকে এটা নতুন গৱেষণা-পত্ৰত দাবী কৰিছে যে পৃথিৱীত এলিয়েনৰ অস্তিত্ব থাকিব পাৰে অথবা ভূগৰ্ভ, চন্দ্ৰ বা মানুহৰ আশে-পাশেও থাকিব পাৰে৷ গৱেষণাটো এইবুলি কোৱা হৈছে যে ইউ এফ অ’ নাইবা আনআইডেণ্টিফাইড এৰিয়াল ফেনোমেনা পৃথিৱীৰ এলিয়েন সংগীৰ ওচৰে পাঁজৰে অন্য গ্ৰহৰ এলিয়েন স্পেচচিপ হ’ব পাৰে৷ গৱেষণাটোত উল্লেখযোগ্য প্ৰমাণ তথা তত্ত্ব পোৱা গৈছে, যি এলিয়েন থকাৰ সম্ভাৱনাৰ কথা কোৱা হৈছে৷ এই ধাৰণাটো প্ৰস্তাব কৰা হৈছে যে ইউ এ পিৰ পৃথিৱীত লুকাই থকা অমানৱ বুদ্ধিমত্তা বা এন আই এইচ এছৰ ক্ৰিয়া হ’ব পাৰে৷ গৱেষণাটো তথাকথিত ক্ৰিপ্টোটেৰেষ্ট্ৰিয়েলৰ ধাৰণাক লৈ তদন্ত কৰিছে৷ ক্ৰিপ্টোটেৰেষ্ট্ৰিয়েলৰ কথা কওঁতে এনে প্ৰাণীৰ কথা উল্লেখ কৰা হয়, যি মানুহৰ ছদ্মৱেশত মানুহৰ মাজতে বাস কৰে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here