গৱেষণা : বিশ্বত ৩৭২২টা প্ৰাণী বিলুপ্তিৰ গৰাহত

0
72

জলবায়ু পৰিৱৰ্তনৰ ফল বিশ্ববাসীয়ে যিদৰে ভুগিবলগীয়া হৈছে, ইয়াৰ অনুৰূপ ফল পৃথিৱীৰ আন প্ৰাণীবোৰৰ ওপৰতো পৰোক্ষভাৱে পৰিছে৷ শেহতীয়াভাৱে এক গৱেষণাই সকলোকে আচৰিত কৰি তুলিছে৷ বিশ্বৰ প্ৰায় ৩৭২২টা প্ৰজাতিৰ প্ৰাণীৰ বিলুপ্তিৰ গৰাহত পৰাৰ মূল কাৰণ হৈছে জলবায়ুৰ পৰিৱৰ্তন৷ এইদৰে বিলুপ্তিৰ গৰাহত পৰা জীৱসমূহৰ ভিতৰত সৰীসৃপ, উভচৰ, পক্ষী আৰু স্তনাপায়ী প্ৰাণী আছে৷ গৱেষণাৰ পৰা জনা হৈছে যে এই জীৱসমূহৰ বাসস্থানত হোৱা বিভিন্ন প্ৰাকৃতিক দুৰ্যোগ, ভূমিকম্প, ছুনামি, ধুমুহা, উষ্ণতা বৃদ্ধি, বানপানী, আগ্নেয়গিৰিৰ উদ্‌গিৰণ আদিৰ ফলত এই জীৱসমূহ অস্তিত্বৰ সংকটত পৰিছে আৰু বিলুপ্তিৰ দিশে গতি কৰিছে৷ উল্লেখ্য যে এই প্ৰাণীৰ বিলুপ্তিৰ গৰাহত পৰা প্ৰজাতিৰ লৈ কোপেনহেগেন বিশ্ববিদ্যালয়ৰ গ্লব ইনষ্টিটিউটৰ সৈতে জড়িত এদল গৱেষকে গৱেষণা চলাইছিল৷ গৱেষকৰ দলটোৰে মুঠ ৩৪০৩৫ টা প্ৰজাতিৰ বিষয়ে অধ্যয়ন চলাইছিল আৰু ইয়াৰে ১০ শতাংশ প্ৰজাতি প্ৰাকৃতিক দুৰ্যোগৰ কবলত পৰি সংকটৰ সন্মুখীন হৈছিল৷ গৱেষণাত প্ৰকাশ পোৱা তথ্য মতে বিশ্বৰ ৯৮৩টা প্ৰজাতিৰ প্ৰাণী ধুমুহাৰ ফলত, ৮৬৮টা প্ৰাণী ভূমিকম্পত, ২৭২টা প্ৰজাতিৰ প্ৰাণী ছুনামিত, ১৭১টা প্ৰজাতিৰ প্ৰাণী আগ্নেয়গিৰি উদ্‌গিৰণ হোৱাৰ ফলত অস্তিত্বৰ সংকটত পৰিছে আৰু বিলুপ্তিৰ গৰাহত৷ সেয়ে এইসমূহ জীৱৰ পুনৰুদ্ধাৰৰ বাবে জলবায়ু পৰিৱৰ্তনৰ কুফলবোৰ নিৰ্ধাৰণ কৰি যথোপযুক্ত কাৰ্যব্যৱস্থা গ্ৰহণ কৰটো অতিকে প্ৰয়োজনীয় হৈ পৰিছে৷ ইয়াৰ অন্যথা এদিন হয়তো এই প্ৰজাতিৰ প্ৰাণীবোৰ এই পৃথিৱীৰ পৰা নিঃশেষ হৈ যাব৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here