গৱেষণা : ঠাণ্ডা আৱহাৱাই হৃদৰোগৰ সম্ভাৱনা বঢ়ায়

0
74

সাম্প্ৰতিক এক গৱেষণাত প্ৰকাশ পাইছে যে শীতল তথা ঠাণ্ডা আৱহাৱাই হৃদৰোগৰ সম্ভাৱনা ব্যাপকভাৱে বঢ়াই তোলে৷ নতুন এই গৱেষণাটো প্ৰকাশ কৰা হৈছে জাৰ্নাল অব দ্য আমেৰিকান কলেজ অব্‌ কাৰ্ডিঅ’লজিত৷ ঠাণ্ডা আৱহাৱাই হাৰ্টৰ ওপৰত বিৰূপ প্ৰভাৱ পেলাব পাৰে আৰু হাৰ্ট এটেক বা হূদযন্ত্ৰ সম্পৰ্কীয় অসুখৰ সম্ভাৱনা বঢ়ায়৷ এই গৱেষণাটোৰ নেতৃত্ব দিছিল হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়ৰ পোষ্ট ডক্তৰেট গৱেষক ড॰ ওয়েনলি নিয়ে৷ তেওঁ কোৱা মতে হাৰ্ট এটেক বা মায়োকাৰ্ডিয়েল ইনফাৰ্কশনছ বা এমআইৰ কাৰণে হস্পিটেলত ভৰ্তি হোৱাৰ সম্ভাৱনা বঢ়াই দিয়ে কম তাপমাত্ৰা আৰু শীতল আৱহাৱাৰ চিকাৰ হোৱাৰ দৰে পৰিস্থিতিয়ে৷ দৈনিক গড় তাপমাত্ৰাতকৈ ১০ শতাংশ কম তাপমাত্ৰা যদি অন্তত দুদিন ধৰি থাকে, তেনেহ’লে তাকে এই গৱেষণাত শীতল আৱহাৱা হিচাপে বিবেচনা কৰিছে৷ আনহাতে ড॰ নিয়ে জনোৱা মতে দেশব্যাপী পৰিচালিত গৱেষণাত দেখা গৈছে যে নিম্ন বায়ুৰ তাপমাত্ৰা আৰু শীতল আৱহাৱাত অলপ সময় ধৰি উন্মুক্ত অৱস্থাত থাকিলে দুইৰ পৰা ছদিনৰ ভিতৰত মাইয়োকাৰ্ডিয়েল ইনফাৰ্কশ্যনত আক্ৰান্ত হোৱাৰ সম্ভাৱনা অধিক থাকে৷ ইয়েই ইংগিত দিয়ে যে দৈহিক তাপমাত্ৰা স্বাভাৱিক অৱস্থাতকৈ ঠাণ্ডা হ’লে এইধৰণৰ হাৰ্ট এটেক হোৱাৰ সম্ভাৱনা বেছি৷ যেতিয়া হাৰ্টৰ পেশীৰ ৰক্ত সঞ্চালন বন্ধ হয়, তেতিয়া হাৰ্ট এটেক হয়৷ সাধাৰণতে ৰক্ত জমা হোৱাৰ বাবে এনে হয়৷ যাৰ ফলত হাৰ্টৰ পেশীলৈ অক্সিজেন সৰবৰাহত বাধাৰ সৃষ্টি হয়৷ এনে ব্লকেজৰ কাৰণে গুৰুতৰ ক্ষতিৰ সন্মুখীন হ’ব পাৰে৷ তেনে অৱস্থাত হাৰ্টৰ আক্ৰান্ত অংশ একেবাৰে নিথৰ হৈ যোৱাৰ প্ৰৱণতা থাকে৷ গৱেষণাত পোৱা মতে কাৰ্ডিঅ’ভাস্কুলাৰ ছিষ্টেম উষ্ণ তাপমাত্ৰাতকৈ শীতল তাপমাত্ৰাত বেছি সম্ভাৱনা থাকে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here